《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
32 : 33

یٰنِسَآءَ النَّبِیِّ لَسْتُنَّ كَاَحَدٍ مِّنَ النِّسَآءِ اِنِ اتَّقَیْتُنَّ فَلَا تَخْضَعْنَ بِالْقَوْلِ فَیَطْمَعَ الَّذِیْ فِیْ قَلْبِهٖ مَرَضٌ وَّقُلْنَ قَوْلًا مَّعْرُوْفًا ۟ۚ

হে নবী-মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পত্নীসকল! তোমালোকে মান-মৰ্যাদা আৰু সন্মানৰ ক্ষেত্ৰত আন আন মহিলাসকলৰ দৰে নহয়। যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা তেন্তে তোমালোকে শ্ৰেষ্ঠতা আৰু মান-সন্মানৰ সেই উচ্চ শিখৰত উপনীত হ’বা, য’ত উপনীত হোৱা অন্যান্য মহিলাসকলৰ বাবে অসম্ভৱ। এতেকে যেতিয়া তোমালোকে অপৰিচিত লোকৰ সৈতে কথা ক’বা তেতিয়া কোমল কণ্ঠত তথা আকৰ্ষিত সুৰত কথা নক’বা। অন্যথা যাৰ অন্তৰত নিফাক আছে নাইবা হাৰাম কৰ্মত লিপ্ত হোৱাৰ ইচ্ছা আছে, সি লোভত পৰি বাট চাই থাকিব। এতেকে সন্দেহ-সংশয় নথকা গাম্ভীৰ্য্যপূৰ্ণ কথা পাতিবা, লগতে হাঁহি-ধেমালি নকৰিবা আৰু সদায় প্ৰয়োজনীয় কথাহে ক’বা। info
التفاسير:
这业中每段经文的优越:
• من توجيهات القرآن للمرأة المسلمة: النهي عن الخضوع بالقول، والأمر بالمكث في البيوت إلا لحاجة، والنهي عن التبرج.
পৱিত্ৰ কোৰআনত মুছলিম নাৰীসকলক যিবোৰ উপদেশ দিয়া হৈছে, তাৰে অন্যতম হৈছেঃ পৰপুৰুষৰ সৈতে আকৰ্ষিত সুৰত কথা কোৱো নিষিদ্ধ, প্ৰয়োজন অবিহনে ঘৰৰ পৰা নোলোৱাৰ আদেশ, লগতে বেপৰ্দা হৈ ওলোৱা নিষিদ্ধ। info

• فضل أهل بيت رسول الله صلى الله عليه وسلم، وأزواجُه من أهل بيته.
নবী পৰিয়ালৰ গুৰুত্ব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলো তেওঁৰ পৰিয়ালৰ অন্তৰ্ভুক্ত। info

• مبدأ التساوي بين الرجال والنساء قائم في العمل والجزاء إلا ما استثناه الشرع لكل منهما.
নাৰী-পুৰুষসকলৰ সমাধিকাৰৰ বৰ্ণনা, কৰ্ম আৰু প্ৰতিদান উভয় ক্ষেত্ৰতে তেওঁলোক সমান মৰ্যাদাৰ অধিকাৰী। যদিও চৰীয়তে কিছুমান ক্ষেত্ৰত তেওঁলোকক পৃথকে পৃথকে আদেশ দিছে। info