《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
14 : 27

وَجَحَدُوْا بِهَا وَاسْتَیْقَنَتْهَاۤ اَنْفُسُهُمْ ظُلْمًا وَّعُلُوًّا ؕ— فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الْمُفْسِدِیْنَ ۟۠

সিহঁতে এই স্পষ্ট নিদৰ্শনবোৰ মানিবলৈ অস্বীকাৰ কৰিলে, তথা সেইবোৰৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিলে। যদিও সিহঁতৰ অন্তৰে স্পষ্টৰূপে এই কথা স্বীকাৰ কৰিছিল যে, এইবোৰ আল্লাহৰ ফালৰ পৰা আহিছে। কিন্তু সিহঁতে অন্যায় অত্যাচাৰ আৰু অহংকাৰৰ বশৱৰ্তী হৈ সত্য প্ৰকাশ কৰা নাছিল। হে ৰাছুল! আপুনি ভাৱি চাওকচোন! পৃথিৱীত কুফৰী আৰু পাপ কৰ্মৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰা লোকসকলৰ যুগে যুগে কি পৰিণাম হৈছিল! নিশ্চিতভাৱে আমি সিহঁতক ধ্বংস কৰিছিলোঁ তথা আটাইকে বিনাশ কৰিছিলোঁ। info
التفاسير:
这业中每段经文的优越:
• التبسم ضحك أهل الوقار.
মিচিকিয়া হাঁহি হৈছে মৰ্যাদাৱান লোকৰ হাঁহি। info

• شكر النعم أدب الأنبياء والصالحين مع ربهم.
নিয়ামতৰ বাবে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰাটো হৈছে নবী আৰু সৎকৰ্মশীল লোকসকলৰ বৈশিষ্ট্য। info

• الاعتذار عن أهل الصلاح بظهر الغيب.
সৎকৰ্মশীল লোকৰ অনুপস্থিতিক ক্ষমা কৰা উচিত। info

• سياسة الرعية بإيقاع العقاب على من يستحقه، وقبول عذر أصحاب الأعذار.
জনসাধাৰণৰ মাজত শাসন ব্যৱস্থা বজায় ৰাখিবলৈ, অপৰাধীক শাস্তি দিয়া আৰু উপযুক্ত কাৰণত নিয়ম উলঙ্ঘা কৰা ব্যক্তিক ক্ষমা কৰি দিয়া উচিত। info

• قد يوجد من العلم عند الأصاغر ما لا يوجد عند الأكابر.
কেতিয়াবা কেতিয়াবা জ্ঞানৰ কিছুমান কথা সৰু মানুহৰ ওচৰতো পোৱা যায়, যিবোৰ ডাঙৰ মানুহৰ ওচৰত নাথাকে। info