《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
91 : 2

وَاِذَا قِیْلَ لَهُمْ اٰمِنُوْا بِمَاۤ اَنْزَلَ اللّٰهُ قَالُوْا نُؤْمِنُ بِمَاۤ اُنْزِلَ عَلَیْنَا وَیَكْفُرُوْنَ بِمَا وَرَآءَهٗ ۗ— وَهُوَ الْحَقُّ مُصَدِّقًا لِّمَا مَعَهُمْ ؕ— قُلْ فَلِمَ تَقْتُلُوْنَ اَنْۢبِیَآءَ اللّٰهِ مِنْ قَبْلُ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟

যেতিয়া এই ইয়াহুদীসকলক কোৱা হয় যে, ‘সেই সত্য আৰু হিদায়তৰ প্ৰতি ঈমান পোষণ কৰা যিটো আল্লাহে তেওঁৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰিছে’। তেতিয়া সিহঁতে কয়ঃ ‘আমি সেইটোৰ প্ৰতি ঈমান পোষণ কৰো যিটো আমাৰ নবীৰ প্ৰতি অৱতীৰ্ণ হৈছে’। এইদৰে সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা পুথিক অস্বীকাৰ কৰে। অথচ এই কোৰআন সত্য হোৱাৰ লগতে সেই সমূহ পুথিৰো সত্যায়ন কৰে যিবোৰ সিহঁতে ইতিপূৰ্বে আল্লাহৰ পৰা পাইছে। দৰাচলতে সিহঁতে যদি পূৰ্বে অৱতীৰ্ণ হোৱা পুথিসমূহৰ প্ৰতি ঈমান পোষণ কৰা হলেহেঁতেন তেন্তে নিশ্চয় কোৰআনৰ প্ৰতিও ঈমান আনিলেহেঁতেন! হে নবী! আপুনি সিহঁতক কওঁক, যদি তোমালোকে পূৰ্বৱৰ্তী নবীসকলে লৈ অহা সত্যৰ প্ৰতি সঁচাকৈয়ে ঈমান পোষণ কৰিছিলা, তেন্তে কোৱাচোন, তোমালোকে আল্লাহৰ নবীসকলক কিয় অন্যায়ভাৱে হত্যা কৰিছিলা? info
التفاسير:
这业中每段经文的优越:
• اليهود أعظم الناس حسدًا؛ إذ حملهم حسدهم على الكفر بالله وردِّ ما أنزل، بسبب أن الرسول صلى الله عليه وسلم لم يكن منهم.
ইয়াহুদীসকল হৈছে পৃথিৱীৰ আটাইতকৈ বেছি ঈৰ্ষা পোষণকাৰী সম্প্ৰদায়। কিয়নো সিহঁতৰ ঈৰ্ষাই সিহঁতক কেৱল এই কাৰণে আল্লাহৰ কুফৰী আৰু তেওঁ অৱতীৰ্ণ কৰা পুথি কোৰআনক অস্বীকাৰ কৰিবলৈ উদ্বুদ্ধ কৰে যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সিহঁতৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত নহয়। info

• أن الإيمان الحق بالله تعالى يوجب التصديق بكل ما أَنزل من كتب، وبجميع ما أَرسل من رسل.
আল্লাহৰ প্ৰতি প্ৰকৃত ঈমানৰ দাবী এই যে, তেওঁ অৱতীৰ্ণ কৰা সকলো পুথি আৰু তেওঁ প্ৰেৰণ কৰা সকলো ৰাছুলক সত্য বুলি স্বীকাৰ কৰা। info

• من أعظم الظلم الإعراض عن الحق والهدى بعد معرفته وقيام الأدلة عليه.
সত্য তথা হিদায়ত জনাৰ পাছত তাৰ ওপৰত দলীল প্ৰতিষ্ঠা হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লোৱাটো ঘোৰ অন্যায়। info

• من عادة اليهود نقض العهود والمواثيق، وهذا ديدنهم إلى اليوم.
প্ৰতিশ্ৰুতি ও অঙ্গীকাৰ ভঙ্গ কৰা ইয়াহুদীসকলৰ স্বভাৱ। আজিও এইটোৱে সিহঁতৰ নীতি। info