《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
226 : 2

لِلَّذِیْنَ یُؤْلُوْنَ مِنْ نِّسَآىِٕهِمْ تَرَبُّصُ اَرْبَعَةِ اَشْهُرٍ ۚ— فَاِنْ فَآءُوْ فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟

যিসকলে নিজৰ স্ত্ৰীৰ লগত সহবাস নকৰাৰ শপত খায়, সিহঁতে শপত খোৱাৰ পিছৰ পৰা অধিকতম চাৰি মাহ লৈকে প্ৰতীক্ষা কৰিব পাৰিব। ইয়াকে ঈলা বুলি কয়। যদি সিহঁতে সহবাস নকৰাৰ শপত খোৱাৰ পিছত চাৰি মাহৰ ভিতৰতে শপত উঠায় লয় আৰু স্ত্ৰীৰ লগত সহবাস কৰে তেন্তে আল্লাহ ক্ষমাশীল। সিহঁতক ক্ষমা কৰি দিব আৰু তেওঁ সিহঁতৰ ওপৰত স্নেহশীল, সেই কাৰণে তেওঁ এই শপতৰ পৰা ওলাবলৈ কাফফাৰাৰ দৰে পথ সুলভ কৰি দিছে। info
التفاسير:
这业中每段经文的优越:
• بيَّن الله تعالى أحكام النكاح والطلاق بيانًا شاملًا حتى يعرف الناس حدود الحلال والحرام فلا يتجاوزونها.
আল্লাহ তাআলাই বিবাহ আৰু তালাক সংক্ৰান্তীয় বিধানবোৰ বিস্তাৰিত ভাৱে বৰ্ণনা কৰিছে, যাতে মানুহে হালাল আৰু হাৰামৰ সীমাৰেখাবোৰ জানিব পাৰে আৰু ইয়াৰ উলংঘনৰ পৰা বিৰত থাকে। info

• عظَّم الله شأن النكاح وحرم التلاعب فيه بالألفاظ فجعلها ملزمة، وألغى التلاعب بكثرة الطلاق والرجعة فجعل لها حدًّا بطلقتين رجعيتين ثم تحرم عليه إلا أن تنكح زوجا غيره ثم يطلقها، أو يموت عنها.
আল্লাহে বিবাহক বৰ গুৰুত্ব প্ৰদান কৰিছে, আৰু বিবাহ সংক্ৰান্তীয় শব্দৰ লগত ধেমালি কৰাও হাৰাম কৰিছে লগতে এই শব্দবোৰ ধেমালি আৰু গম্ভীৰতা উভয় অৱস্থাতে কাৰ্যকৰী বুলি ঘোষণা কৰিছে। বাৰে বাৰে তালাক প্ৰদান কৰি স্ত্ৰীক ওভোতাই লোৱাৰ প্ৰথাক নাকী লগাবলৈ তালাকৰ সীমা নিৰ্ধাৰণ কৰিছে যে, কেৱল দুটা তালাকৰ ক্ষেত্ৰতহে স্ত্ৰীক ওভোতাই লোৱাৰ সুবিধা আছে। ইয়াৰ পিছতো যদি তৃতীয় তালাক দিয়ে তেন্তে স্ত্ৰী তাৰ ওপৰত হাৰাম হৈ যাব। আৰু তেতিয়ালৈকে বৈধ নহ'ব যেতিয়ালৈকে স্ত্ৰী আন কোনো পুৰুষৰ লগত বিবাহ হৈ তালাক প্ৰাপ্তা নহ'ব, অথবা সেই স্বামীৰ মৃত্যু নহ'ব। info

• المعاشرة الزوجية تكون بالمعروف، فإن تعذر ذلك فلا بأس من الطلاق، ولا حرج على أحد الزوجين أن يطلبه.
বৈবাহিক জীৱন উত্তম ভাৱে যাপন কৰিব লাগে। যদি উত্তমভাৱে পৰিচালনাত অসুবিধা হয় তেন্তে তালাক দিয়াত কোনো আপত্তি নাই। লগতে পতি-পত্নীৰ কোনোবাই তালাক বিচৰাটোও কোনো বেয়া কথা নহয়। info