《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
38 : 19

اَسْمِعْ بِهِمْ وَاَبْصِرْ ۙ— یَوْمَ یَاْتُوْنَنَا لٰكِنِ الظّٰلِمُوْنَ الْیَوْمَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟

সেইদিনা সিহঁতে ভালদৰেই শুনিব আৰু ভালদৰেই চাব পাৰিব। সেইদিনা সিহঁতে শুনিব পাৰিব কিন্তু সেই শ্ৰৱণে কোনো উপকাৰ সাধন নকৰিব। সেইদিনা সিহঁতে দেখিবও পাৰিব কিন্তু সেই দেখাই কোনো কামত নাহিব। কিন্তু অন্যায়কাৰীসকলে পাৰ্থিৱ জীৱনত সঠিক পথৰ পৰা আঁতৰি পথভ্ৰষ্টতাত লিপ্ত হৈছে। আখিৰাতৰ বাবে কোনো প্ৰস্তুতি গ্ৰহণ কৰা নাই, অথচ সিহঁত অন্যায়ৰ পথত থাকোঁতেই হঠাৎ কিয়ামত সংঘটিত হ'ব। info
التفاسير:
这业中每段经文的优越:
• في أمر مريم بالسكوت عن الكلام دليل على فضيلة الصمت في بعض المواطن .
মৰিয়মৰ কথা কোৱাৰ পৰা বিৰত থকা বিষয়টোৱে প্ৰমাণ কৰে যে, কেতিয়াবা কেতিয়াবা মৌনতা অৱলম্বন কৰাটোৱে আৱশ্যক বা উত্তম। info

• نذر الصمت كان جائزًا في شرع من قبلنا، أما في شرعنا فقد دلت السنة على منعه.
মৌনতাৰ মান্নত আমাৰ পূৰ্বৰ চৰীয়তসমূহত যদিও বৈধ আছিল, কিন্তু আমাৰ এই চৰীয়তত নিষিদ্ধ কৰা হৈছে এইটো হাদীছৰ দ্বাৰা প্ৰমাণিত। info

• أن ما أخبر به القرآن عن كيفية خلق عيسى هو الحق القاطع الذي لا شك فيه، وكل ما عداه من تقولات باطل لا يليق بالرسل.
ঈছা আলাইহিচ্ছালামৰ সৃষ্টি যি বিৱৰণ কোৰআনে বৰ্ণনা কৰিছে, সেইটোৱেই বাস্তৱ সত্য, যি বিষয়ে সন্দেহৰ কোনো অৱকাশ নাই। ইয়াৰ বাহিৰে যি যি কোৱা হয় সেই সকলোবোৰ অসত্য আৰু সেয়া ৰাছুলৰ মৰ্যাদাৰ পক্ষে অনুপোযুক্ত। info

• في الدنيا يكون الكافر أصم وأعمى عن الحق، ولكنه سيبصر ويسمع في الآخرة إذا رأى العذاب، ولن ينفعه ذلك.
পৃথিৱীত কাফিৰে সত্য সঠিকভাৱে শুনাৰ আৰু দেখাৰ পৰা বঞ্চিত থাকে। কিন্তু আখিৰাতত যেতিয়া শাস্তি তাৰ সন্মুখত থাকিব তেতিয়া সত্য শুনিবও পাৰিব আৰু দেখিবও পাৰিব, কিন্তু তেতিয়া সেইটো কোনো কামত নাহিব। info