《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
122 : 16

وَاٰتَیْنٰهُ فِی الدُّنْیَا حَسَنَةً ؕ— وَاِنَّهٗ فِی الْاٰخِرَةِ لَمِنَ الصّٰلِحِیْنَ ۟ؕ

আমি তেওঁক পৃথিৱীত নুবুওৱত দান কৰিছিলো, উত্তম প্ৰশংসা আৰু পূণ্যৱান সন্তান দান কৰিছিলো। নিশ্চয় তেওঁ আখিৰাতত পূণ্যৱানসকলৰ অন্তৰ্ভুক্ত হ'ব, যিসকলৰ বাবে আল্লাহে জান্নাতত মহান মৰ্যাদা প্ৰস্তুত কৰি ৰাখিছে। info
التفاسير:
这业中每段经文的优越:
• اقتضت رحمة الله أن يقبل توبة عباده الذين يعملون السوء من الكفر والمعاصي، ثم يتوبون ويصلحون أعمالهم، فيغفر الله لهم.
এইটো আল্লাহৰ অন্যতম এক প্ৰকাৰ ৰহমত যে, তেওঁ সেই বান্দাসকলৰো তাওবা কবূল কৰে যিসকলে কুফৰী আৰু গুনাহৰ কাম কৰিছে। তাৰ পিছত তেওঁলোকে তাওবা কৰে আৰু নিজৰ কৰ্ম সংশোধন কৰে, ফলত আল্লাহে তেওঁলোকৰ গুনাহ ক্ষমা কৰি দিয়ে। info

• يحسن بالمسلم أن يتخذ إبراهيم عليه السلام قدوة له.
প্ৰতিজন মুছলিমে ইব্ৰাহীম আলাইহিচ্ছালামক আদৰ্শ হিচাপে লোৱা উচিত। info

• على الدعاة إلى دين الله اتباع هذه الطرق الثلاث: الحكمة، والموعظة الحسنة، والمجادلة بالتي هي أحسن.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোকসকলে এই তিনিটা বিষয়ৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত, হিকমত বা কৌশলৰ সৈতে কথা কোৱা উচিত, উত্তম উপদেশ দিয়া উচিত, লগতে উত্তমভাৱে বাদানুবাদ কৰা উচিত। info

• العقاب يكون بالمِثْل دون زيادة، فالمظلوم منهي عن الزيادة في عقوبة الظالم.
অপৰাধৰ অনুপাতে শাস্তি হোৱা উচিত। তাতকৈ বেছি হ'ব নালাগে। এই ক্ষেত্ৰত নিৰ্যাতিত ব্যক্তিকো নিষেধ কৰা হৈছে যে, অত্যাচাৰীৰ পৰা প্ৰতিশোধ লোৱাৰ সময়ত যাতে সীমা অতিক্ৰম কৰা নহয়। info