《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
102 : 16

قُلْ نَزَّلَهٗ رُوْحُ الْقُدُسِ مِنْ رَّبِّكَ بِالْحَقِّ لِیُثَبِّتَ الَّذِیْنَ اٰمَنُوْا وَهُدًی وَّبُشْرٰی لِلْمُسْلِمِیْنَ ۟

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, এই কোৰআন আল্লাহৰ ফালৰ পৰা সত্য সহকাৰে জিব্ৰীল আলাইহিচ্ছালামে লৈ আহিছে, য'ত কোনো ধৰণৰ ত্ৰুটি নাই, পৰিবৰ্তন তথা বিকৃত কৰাৰো অৱকাশ নাই। যাতে মুমিনসকলৰ ঈমান আল্লাহৰ প্ৰতি আৰু অধিক মজবুত হয়, যেতিয়া কোনো নতুন আয়াত অৱতীৰ্ণ হয় অথবা কোনো আয়াত ৰহিত হয়। যাতে এই কোৰআন সিহঁতক সত্যৰ পথ দেখুৱায় আৰু মুছলিমসকলক উৎকৃষ্ট প্ৰতিদানৰ সুসংবাদ দিয়ে, যিবোৰ তেওঁলোকে আখিৰাতত লাভ কৰিব। info
التفاسير:
这业中每段经文的优越:
• العمل الصالح المقرون بالإيمان يجعل الحياة طيبة.
ঈমানৰ দ্বাৰা সুসজ্জিত নেক আমলে জীৱনক পৱিত্ৰ কৰি তোলে। info

• الطريق إلى السلامة من شر الشيطان هو الالتجاء إلى الله، والاستعاذة به من شره.
চয়তানৰ অনিষ্টৰ পৰা ৰক্ষা পাবলৈ হ'লে আল্লাহৰ ওচৰত দুআ কৰিব লাগিব, লগতে চয়তানৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগিব। info

• على المؤمنين أن يجعلوا القرآن إمامهم، فيتربوا بعلومه، ويتخلقوا بأخلاقه، ويستضيئوا بنوره، فبذلك تستقيم أمورهم الدينية والدنيوية.
মুমিনসকলে কোৰআনক নেতৃত্ব হিচাপে লোৱা উচিত, আৰু ইয়াৰ জ্ঞানৰ দ্বাৰা নিজৰ জীৱনক বাস্তৱায়ন কৰা উচিত। ইয়াৰ শিষ্টাচাৰসমূহ অৱলম্বন কৰা উচিত, ইয়াৰ জ্যোতিৰে উপকৃত হোৱা উচিত। ইয়াৰ দ্বাৰাই তেওঁলোকৰ দ্বীন আৰু দুনিয়াৰ সকলো সমস্যা সমাধান কৰা সম্ভৱ। info

• نسخ الأحكام واقع في القرآن زمن الوحي لحكمة، وهي مراعاة المصالح والحوادث، وتبدل الأحوال البشرية.
অহীৰ ধাৰাবাহিকতা চলি থকা অৱস্থাত কিছুমান বিধানক ৰহিত কৰি আন কিছুমান বিধানক স্থান দিয়া হৈছিল। বিশেষ কাৰণত এইটো কৰিছিল, মানুহৰ অৱস্থাৰ পৰিবৰ্তন, নতুন নতুন ঘটনা তথা বিভিন্ন কল্যাণৰ কাৰণে। info