Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ni Rafiq Al-Islam Habibur-Rahman

Numero ng Pahina:close

external-link copy
85 : 28

اِنَّ الَّذِیْ فَرَضَ عَلَیْكَ الْقُرْاٰنَ لَرَآدُّكَ اِلٰی مَعَادٍ ؕ— قُلْ رَّبِّیْۤ اَعْلَمُ مَنْ جَآءَ بِالْهُدٰی وَمَنْ هُوَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟

নিশ্চয় যিয়ে তোমাৰ প্ৰতি কোৰআনক বিধানস্বৰূপে দান কৰিছে, নিশ্চয় তেওঁ তোমাক ওভতাই আনিব প্ৰত্যাৱৰ্তনস্থললৈ। কোৱা, ‘মোৰ প্ৰতিপালকে ভালকৈয়ে জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে আৰু কোন স্পষ্ট বিভ্ৰান্তিত আছে’। info
التفاسير:

external-link copy
86 : 28

وَمَا كُنْتَ تَرْجُوْۤا اَنْ یُّلْقٰۤی اِلَیْكَ الْكِتٰبُ اِلَّا رَحْمَةً مِّنْ رَّبِّكَ فَلَا تَكُوْنَنَّ ظَهِیْرًا لِّلْكٰفِرِیْنَ ۟ؗ

আৰু তুমি আশা কৰা নাছিলা যে, তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’ব। এয়া কেৱল তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহহে। গতিকে তুমি কেতিয়াও কাফিৰসকলৰ সহায়ক নহ’বা। info
التفاسير:

external-link copy
87 : 28

وَلَا یَصُدُّنَّكَ عَنْ اٰیٰتِ اللّٰهِ بَعْدَ اِذْ اُنْزِلَتْ اِلَیْكَ وَادْعُ اِلٰی رَبِّكَ وَلَا تَكُوْنَنَّ مِنَ الْمُشْرِكِیْنَ ۟ۚ

আৰু তোমাৰ প্ৰতি আল্লাহৰ আয়াতসমূহ অৱতীৰ্ণ হোৱাৰ পিছত সিহঁতে যেন তোমাক কোনোমতেই তাৰ পৰা বিৰত ৰাখিব নোৱাৰে। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰতি আহ্বান কৰা আৰু কোনোমতেই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা। info
التفاسير:

external-link copy
88 : 28

وَلَا تَدْعُ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ ۘ— لَاۤ اِلٰهَ اِلَّا هُوَ ۫— كُلُّ شَیْءٍ هَالِكٌ اِلَّا وَجْهَهٗ ؕ— لَهُ الْحُكْمُ وَاِلَیْهِ تُرْجَعُوْنَ ۟۠

তুমি আল্লাহৰ লগত আন কোনো ইলাহক নামাতিবা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আল্লাহৰ সত্ত্বাৰ বাহিৰে সকলো বস্তুৱেই ধ্বংসশীল। বিধান কেৱল তেওঁৰেই, আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা। info
التفاسير: