Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
55 : 8

اِنَّ شَرَّ الدَّوَآبِّ عِنْدَ اللّٰهِ الَّذِیْنَ كَفَرُوْا فَهُمْ لَا یُؤْمِنُوْنَ ۟ۖۚ

পৃথিৱীত বিচৰণ কৰা আটাইতকৈ নিকৃষ্ট হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰে। এতেকে সিহঁতৰ ওচৰত সকলো প্ৰকাৰ নিদৰ্শন আহিলেও সিহঁতে ঈমান পোষণ নকৰিব। কিয়নো সিহঁত কুফৰৰ ওপৰত অটল আছে, লগতে সিহঁতৰ বাবে হিদায়তৰ সকলো উপায় যেনে- বিবেক, কাণ আৰু চকু আদি নিষ্ক্ৰিয় হৈ গৈছে। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• من فوائد العقوبات والحدود المرتبة على المعاصي أنها سبب لازدجار من لم يعمل المعاصي، كما أنها زجر لمن عملها ألا يعاودها.
গুনাহৰ ফলত দিয়া শাস্তিৰ এটা উপকাৰ এই যে, যিসকলে গুনাহ কৰা নাই তেওঁলোকক গুনাহৰ পৰা দূৰত ৰখা আৰু আনটো উপকাৰ হৈছে, যিয়ে গুনাহ কৰিছে সি শাস্তি পোৱাৰ পিছত পুনৰ যাতে গুনাহ নকৰে। info

• من أخلاق المؤمنين الوفاء بالعهد مع المعاهدين، إلا إن وُجِدت منهم الخيانة المحققة.
চুক্তিবদ্ধ লোকসকলৰ লগত বিশ্বাসঘাতকতা নকৰাটো হৈছে মুমিনৰ অন্যতম বৈশিষ্ট্য। আনহাতে যদি দ্বিতীয় পক্ষৰ পৰা বিশ্বাসঘাতকতা কৰা হয় তেন্তে সেয়া সুকীয়া কথা। info

• يجب على المسلمين الاستعداد بكل ما يحقق الإرهاب للعدو من أصناف الأسلحة والرأي والسياسة.
মুছলিম শাসকসকলে অস্ত্ৰ, বিশ্ব-সমৰ্থন আৰু কুটনীতিৰ ক্ষেত্ৰত এনেকুৱা প্ৰস্তুতি লোৱা উচিত, যাতে শত্ৰু পক্ষই ভয় কৰিবলৈ বাধ্য হয়। info

• جواز السلم مع العدو إذا كان فيه مصلحة للمسلمين.
মুছলিমসকলৰ উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি শত্ৰু পক্ষৰ লগত সন্ধি কৰা বৈধ। info