Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
13 : 8

ذٰلِكَ بِاَنَّهُمْ شَآقُّوا اللّٰهَ وَرَسُوْلَهٗ ۚ— وَمَنْ یُّشَاقِقِ اللّٰهَ وَرَسُوْلَهٗ فَاِنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟

কাফিৰসকলে এই হত্যা আৰু আঘাতৰ সন্মুখীন এই কাৰণে হৈছিল, কিয়নো সিহঁতে আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰিছিল। সিহঁতক যি আদেশ দিয়া হৈছিল সেইটো পালন কৰা নাছিল, আৰু যিটোৰ পৰা নিষেধ কৰা হৈছিল সেইটোৰ পৰা বিৰত থকা নাছিল। যিয়ে এইদৰে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব, আল্লাহে নিশ্চয় তাক কষ্টদায়ক শাস্তি দিব। সিহঁতে পৃথিৱীত হত্যা আৰু বন্দীৰ সন্মুখীন হ'ব আৰু আখিৰাতত জাহান্নামৰ। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• في الآيات اعتناء الله العظيم بحال عباده المؤمنين، وتيسير الأسباب التي بها ثبت إيمانهم، وثبتت أقدامهم، وزال عنهم المكروه والوساوس الشيطانية.
এই আয়াতবোৰে প্ৰমাণ কৰে যে, আল্লাহে মুমিনসকলৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰে। লগতে তেওঁলোকৰ বাবে এনেকুৱা উপায় সহজলভ্য কৰি দিয়ে যিবোৰৰ দ্বাৰা তেওঁলোকৰ ঈমান দৃঢ় থাকিব আৰু ভৰি স্থিৰ থাকিব, লগতে চয়তানৰ কুমন্ত্ৰণা আৰু অপ্ৰিয় ঘটনা সুৰক্ষিত থাকিব। info

• أن النصر بيد الله، ومن عنده سبحانه، وهو ليس بكثرة عَدَدٍ ولا عُدَدٍ مع أهمية هذا الإعداد.
বিজয় আল্লাহৰ হাতত, আৰু তেওঁৰ পৰাই পোৱা যায়। এয়া সংখ্যাবল তথা প্ৰস্তুতিৰ আধাৰত পোৱা নাযায়, যদিও ইয়াৰ গুৰুত্বক নুই কৰিব নোৱাৰি। info

• الفرار من الزحف من غير عذر من أكبر الكبائر.
যুদ্ধৰ ময়দানৰ পৰা উচিত কোনো কাৰণ নোহোৱাকৈ পলায়ন কৰা মহাপাপ। info

• في الآيات تعليم المؤمنين قواعد القتال الحربية، ومنها: طاعة الله والرسول، والثبات أمام الأعداء، والصبر عند اللقاء، وذِكْر الله كثيرًا.
উক্ত আয়াতসমূহত মুমিনসকলক যুদ্ধৰ নিয়ম শিকোৱা হৈছে। য’ত আছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন, শত্ৰুৰ সন্মুখত দৃঢ়ভাৱে অটল থকা, মুকাবিলাৰ সময়ত ধৈৰ্য ধাৰণ কৰা আৰু আল্লাহক বেছি বেছি স্মৰণ কৰা। info