Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
90 : 5

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنَّمَا الْخَمْرُ وَالْمَیْسِرُ وَالْاَنْصَابُ وَالْاَزْلَامُ رِجْسٌ مِّنْ عَمَلِ الشَّیْطٰنِ فَاجْتَنِبُوْهُ لَعَلَّكُمْ تُفْلِحُوْنَ ۟

হে ঈমান্দাৰসকল! নিছাযুক্ত বস্তু, যাৰ দ্বাৰা জ্ঞান শূন্য হৈ যায়, আৰু জুৱা, য'ত দুয়ো পক্ষৰ পৰা ধন বিনিয়োগ কৰা হয়, সেই শীল, যাৰ ওচৰত মুশ্বৰিকসকলে সেই শীলৰ সন্মানাৰ্থে জৱেহ কৰে, অথবা যি শীলক পূজা-পাঠ কৰাৰ বাবে স্থাপন কৰে, অথবা এনেকুৱা তীৰ, যাৰ দ্বাৰা অদৃশ্য ভাগ্য নিৰ্ণয় কৰাৰ প্ৰয়াস কৰিছিল। এই সকলোবোৰ পাপ কৰ্ম, যিবোৰক চয়তানে সৌন্দৰ্যময় কৰি দেখুৱায়। এতেকে তোমালোকে ইয়াৰ পৰা বিৰত থাকা, যাতে তোমালোকে পৃথিৱীত উত্তম জীৱন পোৱা তথা আখিৰাতত জান্নাতত প্ৰৱেশ কৰা। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• الأمر بتوخي الطيب من الأرزاق وترك الخبيث.
পৱিত্ৰ জীৱিকা অনুসন্ধান কৰিবলৈ তথা অপৱিত্ৰ জীৱিকা ত্যাগ কৰাৰ আদেশ দিয়া হৈছে। info

• عدم المؤاخذة على الحلف عن غير عزم للقلب، والمؤاخذة على ما كان عن عزم القلب ليفعلنّ أو لا يفعلنّ.
আন্তৰিক সংকল্পৰে যি শপত খোৱা নহয়, সেই শপতৰ হিচাপ লোৱা নহ'ব। আনহাতে যিটো জানি বুজি সংকল্প সহকাৰে খোৱা হয়, সেই শপত হিচাপ হ'ব। info

• بيان أن كفارة اليمين: إطعام عشرة مساكين، أو كسوتهم، أو عتق رقبة مؤمنة، فإذا لم يستطع المكفِّر عن يمينه الإتيان بواحد من الأمور السابقة، فليكفِّر عن يمينه بصيام ثلاثة أيام.
শপত ভঙ্গ কৰিলে তাৰ কাফ্ফাৰা হৈছেঃ দহ জন মিছকিনক ভোজন কৰোৱা, অথবা সিহঁতক কাপোৰ দান কৰা নাইবা এজন মুমিন দাস মুক্ত কৰা। প্ৰায়শ্চিতকাৰীয়ে যদি এইবোৰ কৰিব নোৱাৰে তেন্তে তিনি দিন চওঁম পালন কৰিব লাগিব। info

• قوله تعالى: ﴿... إنَّمَا الْخَمْرُ ...﴾ هي آخر آية نزلت في الخمر، وهي نص في تحريمه.
ইন্নামাল খামৰু... এই আয়াতটো মাদক দ্ৰৱ্য সম্পৰ্কীয় সৰ্বশেষ আয়াত, তথা এই আয়াতে মাদক দ্ৰৱ্য যে নিষিদ্ধ সেয়া স্পষ্ট কৰিছে। info