Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
14 : 49

قَالَتِ الْاَعْرَابُ اٰمَنَّا ؕ— قُلْ لَّمْ تُؤْمِنُوْا وَلٰكِنْ قُوْلُوْۤا اَسْلَمْنَا وَلَمَّا یَدْخُلِ الْاِیْمَانُ فِیْ قُلُوْبِكُمْ ؕ— وَاِنْ تُطِیْعُوا اللّٰهَ وَرَسُوْلَهٗ لَا یَلِتْكُمْ مِّنْ اَعْمَالِكُمْ شَیْـًٔا ؕ— اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟

কিছুমান বেদুইনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি ক’লেঃ “আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছোঁ”। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ “তোমালোকে ঈমান পোষণ কৰা নাই। বৰং তোমালোকে এনেকৈ কোৱা যে, আমি আত্মসমৰ্পন কৰিছোঁ আৰু আনুগত্যকাৰী হৈছোঁ। দৰাচলতে এতিয়ালৈকে তোমালোকৰ অন্তৰত ঈমান প্ৰৱেশ কৰা নাই। যদিও আশা কৰা যায় ঈমান প্ৰৱেশ কৰিব বুলি। হে মৰুবাসীসকল! যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰি তেওঁলোকৰ আনুগত্য কৰা আৰু সৎকৰ্ম কৰা, লগতে নিষিদ্ধ বস্তুবোৰৰ পৰা বিৰত থকা তেন্তে আল্লাহে কেতিয়াও তোমালোকৰ আমলৰ ছোৱাব হ্ৰাস নকৰিব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি কৃপাৱান”। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• سوء الظن بأهل الخير معصية، ويجوز الحذر من أهل الشر بسوء الظن بهم.
ভাল মানুহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰা গুনাহ। পক্ষান্তৰে বেয়া মানুহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰি মানুহক সাৱধান কৰা জৰুৰী। info

• وحدة أصل بني البشر تقتضي نبذ التفاخر بالأنساب.
গোটেই মানৱজাতিৰ মূল একেই। গতিকে বংশক কেন্দ্ৰ কৰি অহংকাৰ কৰা উচিত নহয়। info

• الإيمان ليس مجرد نطق لا يوافقه اعتقاد، بل هو اعتقاد بالجَنان، وقول باللسان، وعمل بالأركان.
বিশ্বাস নকৰাকৈ কেৱল মৌখিক স্বীকাৰোক্তিৰ নামেই ঈমান নহয়। বৰং ঈমান হৈছে, অন্তৰেৰে বিশ্বাস কৰা, মুখেৰে স্বীকাৰ কৰা আৰু চৰীয়তৰ মূল স্তম্ভসমূহৰ ওপৰত আমল কৰা। info

• هداية التوفيق بيد الله وحده وهي فضل منه سبحانه ليست حقًّا لأحد.
হিদায়তৰ তাওফীক দিয়াৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। এইটো তেওঁৰ অনুগ্ৰহৰ দ্বাৰা লাভ হয়। এইটো লাভ কৰিবলৈ কাৰো অধিকাৰ নাই। info