Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
46 : 4

مِنَ الَّذِیْنَ هَادُوْا یُحَرِّفُوْنَ الْكَلِمَ عَنْ مَّوَاضِعِهٖ وَیَقُوْلُوْنَ سَمِعْنَا وَعَصَیْنَا وَاسْمَعْ غَیْرَ مُسْمَعٍ وَّرَاعِنَا لَیًّا بِاَلْسِنَتِهِمْ وَطَعْنًا فِی الدِّیْنِ ؕ— وَلَوْ اَنَّهُمْ قَالُوْا سَمِعْنَا وَاَطَعْنَا وَاسْمَعْ وَانْظُرْنَا لَكَانَ خَیْرًا لَّهُمْ وَاَقْوَمَ ۙ— وَلٰكِنْ لَّعَنَهُمُ اللّٰهُ بِكُفْرِهِمْ فَلَا یُؤْمِنُوْنَ اِلَّا قَلِیْلًا ۟

ইয়াহুদীসকলৰ মাজত কিছুমান নিকৃষ্ট লোক আছে, যিসকলে আল্লাহৰ বাণীক বিকৃত কৰে। সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা বাণীৰ বিকৃত অৰ্থ প্ৰকাশ কৰে। যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতক কোনো আদেশ দিয়ে, তেতিয়া সিহঁতে কয়ঃ আমি আপোনাৰ কথা শুনিছো কিন্তু আপোনাৰ কথা অস্বীকাৰ কৰিলো। লগতে ব্যঙ্গাতমক ভাৱে কয়ঃ আপুনি আমাৰ কথা শুনক, আপুনি যেন শুনা নাপায়! তথা সিহঁতে “ৰা-ঈনা” বুলি কৈ ইয়াৰ মূল অৰ্থ (আপুনি আমাৰ প্ৰতি মন কৰক) বুজাব খোজে কিন্তু সিহঁতৰ উদ্দেশ্যে বেলেগ, সিহঁতে ইয়াৰ দ্বাৰা “নিৰ্বোধ” বুজাব খোজে। সিহঁতে ইয়াক উচ্চাৰণ কৰাৰ সময়ত জিভাৰ দ্বাৰা বিকৃত কৰিছিল। সিহঁতৰ উদ্দেশ্য আছিল আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক বদ দুআ কৰা তথা ইছলামক নিন্দা কৰা আৰু ভুল-ত্ৰুটি সন্ধান কৰা। যদি সিহঁতে “আমি আপোনাৰ কথা শুনিছো কিন্তু আপোনাৰ কথা অস্বীকাৰ কৰিলো” এই কথাৰ ঠাইত এই কথা কলেহেঁতেন যে, “আমি আপোনাৰ কথা শুনিছো আৰু আপোনাৰ কথা মানি ললো”। লগতে “আপুনি যেন শুনা নাপায়!” এই কথাৰ পৰিবৰ্তে যদি কলেহেঁতেন, “আপুনি আমাৰ কথা শুনক!” আনহাতে “ৰা-ঈনা”ৰ পৰিবৰ্তে যদি কলেহেঁতেন “অলপ প্ৰতীক্ষা কৰক যাতে আমি আপোনাৰ কথা বুজি লওঁ”, তেন্তে সিহঁতৰ বাবে এয়া উত্তম আৰু ন্যায়সংগত হলেহেঁতেন। কিয়নো ইয়াত আছে আদব তথা সন্মান, যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যদাৰ উপযুক্ত। কিন্তু আল্লাহে সিহঁতৰ ওপৰত অভিসম্পাত কৰিছে, আৰু সিহঁতৰ কুফৰৰ কাৰণে সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিছে। সেয়ে সিহঁতে এনেকুৱা ঈমান পোষণ নকৰিব যিটো সিহঁতৰ বাবে লাভদায়ক। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• كفاية الله للمؤمنين ونصره لهم تغنيهم عما سواه.
আল্লাহৰ সহায়-সহযোগিতাৰ পিছত মুমিনসকলৰ বাবে আন কাৰো প্ৰয়োজন নাথাকে। info

• بيان جرائم اليهود، كتحريفهم كلام الله، وسوء أدبهم مع رسوله صلى الله عليه وسلم، وتحاكمهم إلى غير شرعه سبحانه.
ইয়াহুদীসকলৰ অপৰাধৰ বৰ্ণনা, যেনে- আল্লাহৰ বাণী বিকৃত কৰা, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত অমাৰ্জিত ব্যৱহাৰ কৰা, লগতে আল্লাহৰ চৰীয়তৰ বিপৰীতে আন কাৰোবাক বিচাৰ ফয়চালাৰ বাবে নিৰ্ণয় কৰা। info

• بيان خطر الشرك والكفر، وأنه لا يُغْفر لصاحبه إذا مات عليه، وأما ما دون ذلك فهو تحت مشيئة الله تعالى.
শ্বিৰ্ক তথা কুফৰৰ ভয়াৱহতা স্পষ্ট কৰা লগতে এই কথা স্পষ্ট কৰা যে, কোনো ব্যক্তি শ্বিৰ্ক বা কুফৰ অৱস্থাত মৃত্যুবৰণ কৰিলে তেন্তে তাক ক্ষমা কৰা নহব। কিন্তু ইয়াৰ বাহিৰে আন আন গুনাহসমূহ আল্লাহৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। info