Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
140 : 4

وَقَدْ نَزَّلَ عَلَیْكُمْ فِی الْكِتٰبِ اَنْ اِذَا سَمِعْتُمْ اٰیٰتِ اللّٰهِ یُكْفَرُ بِهَا وَیُسْتَهْزَاُ بِهَا فَلَا تَقْعُدُوْا مَعَهُمْ حَتّٰی یَخُوْضُوْا فِیْ حَدِیْثٍ غَیْرِهٖۤ ۖؗ— اِنَّكُمْ اِذًا مِّثْلُهُمْ ؕ— اِنَّ اللّٰهَ جَامِعُ الْمُنٰفِقِیْنَ وَالْكٰفِرِیْنَ فِیْ جَهَنَّمَ جَمِیْعَا ۟ۙ

হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে কোৰআনত এই আদেশ অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে কোনো বৈঠকত বহি থকা আৰু তাত কোনো ব্যক্তিয়ে যদি আল্লাহৰ কোনো আয়াত অস্বীকাৰ কৰে তথা তাৰ উপহাস কৰে তেন্তে তাৰ পৰা উঠি যোৱা। যেতিয়ালৈকে সিহঁতে আল্লাহৰ আয়াতৰ উপহাস তথা অস্বীকাৰ এৰি আন কোনো বিষয়ত লিপ্ত নহয়। এতেকে যদি তোমালোকে এনেকুৱা নকৰা আৰু সকলো শুনাৰ পিছতো তাত বহি থকা তেন্তে তোমালোকেও সেই অস্বীকাৰকাৰী সকলৰ দৰে বিৰুদ্ধাচাৰণত গণ্য হবা। কিয়নো তোমালোকে তাত বহি আল্লাহৰ আদেশ অমান্য কৰিছা, ঠিক সেইদৰে যিদৰে সিহঁতে কুফৰ কৰি আল্লাহক অমান্য কৰিছে। নিশ্চয় আল্লাহে ইছলাম দাবীদাৰ মুনাফিকসকলক কাফিৰসকলৰ সৈতে জাহান্নামত একত্ৰিত কৰিব। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• وجوب العدل في القضاء بين الناس وعند أداء الشهادة، حتى لو كان الحق على النفس أو على أحد من القرابة.
মানুহৰ মাজত ফয়চালা কৰাৰ সময়ত আৰু সাক্ষ্য প্ৰদান কৰাৰ সময়ত ন্যায় পন্থা অৱলম্বন কৰা অনিবাৰ্য। যদিও নিজৰ বিৰুদ্ধে অথবা নিজৰ আত্মীয়ৰ বিৰুদ্ধে নহওঁক কিয়। info

• على المؤمن أن يجتهد في فعل ما يزيد إيمانه من أعمال القلوب والجوارح، ويثبته في قلبه.
মুমিনসকলে এনেকুৱা শাৰীৰিক আৰু আন্তৰিক কৰ্ম অধিক কৰা উচিত যিবোৰৰ দ্বাৰা ঈমান বৃদ্ধি হয়। info

• عظم خطر المنافقين على الإسلام وأهله؛ ولهذا فقد توعدهم الله بأشد العقوبة في الآخرة.
ইছলাম আৰু মুছলিমসকলৰ বাবে মুনাফিকসকল বৰ ভয়াৱহ। সেই কাৰণেই আল্লাহে সিহঁতক আখিৰাতত কঠিন শাস্তি প্ৰদানৰ ভাবুকি প্ৰদান কৰিছে। info

• إذا لم يستطع المؤمن الإنكار على من يتطاول على آيات الله وشرعه، فلا يجوز له الجلوس معه على هذه الحال.
যদি মুমিনে, আল্লাহৰ আয়াত আৰু তেওঁৰ চৰীয়তক নিন্দা কৰা ব্যক্তিৰ উক্তিক খণ্ডন কৰিব নোৱাৰে, তেন্তে তাৰ বাবে সেই ব্যক্তিৰ লগত বহা আৰু তাৰ কথা শুনা বৈধ নহয়। info