Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
28 : 39

قُرْاٰنًا عَرَبِیًّا غَیْرَ ذِیْ عِوَجٍ لَّعَلَّهُمْ یَتَّقُوْنَ ۟

আৰবী ভাষাত এই কোৰআন লিপিবদ্ধ। ইয়াৰ মাজত কোনো ধৰণৰ বক্ৰতা, বেমেজালি আৰু সন্দেহ-সংশয়ৰ অৱকাশ নাই। যাতে মানুহে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• أهل الإيمان والتقوى هم الذين يخشعون لسماع القرآن، وأهل المعاصي والخذلان هم الذين لا ينتفعون به.
ঈমান্দাৰ তথা মুত্ত্বাক্বীসকলে কোৰআন শুনি ভীতি-অৱনত হয়। আনহাতে পাপিষ্ঠসকলে তথা ক্ষতিগ্ৰস্তসকলে ইয়াৰ দ্বাৰা উপকৃত নহয়। info

• التكذيب بما جاءت به الرسل سبب نزول العذاب إما في الدنيا أو الآخرة أو فيهما معًا.
ৰাছুলসকলে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰিলে শাস্তি অৱতীৰ্ণ হয়। কেতিয়াবা পৃথিৱীতেই সেই শাস্তি প্ৰদান কৰা হয়, আকৌ কেতিয়াবা আখিৰাতৰ বাবে বিলম্ব কৰা হয়, আনহাতে কেতিয়াবা পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতেই শাস্তি দিয়া হয়। info

• لم يترك القرآن شيئًا من أمر الدنيا والآخرة إلا بيَّنه، إما إجمالًا أو تفصيلًا، وضرب له الأمثال.
কোৰআনত পৃথিৱী আৰু আখিৰাত সম্পৰ্কীয় প্ৰত্যেক বিষয় বৰ্ণনা কৰা হৈছে, সংক্ষিপ্তভাৱে হওক অথবা বিস্তাৰিত। লগতে ইয়াৰ বাবে তেওঁ উদাহৰণ দাঙি ধৰিছে। info