Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
71 : 3

یٰۤاَهْلَ الْكِتٰبِ لِمَ تَلْبِسُوْنَ الْحَقَّ بِالْبَاطِلِ وَتَكْتُمُوْنَ الْحَقَّ وَاَنْتُمْ تَعْلَمُوْنَ ۟۠

হে আহলে কিতাব! তোমালোকৰ পুথিত যি সত্য অৱতীৰ্ণ কৰা হৈছে, তাৰ লগত তোমালোকৰ অসত্য কথাবোৰ কিয় মিশ্ৰিত কৰা। আৰু তোমালোকে নিজৰ পুথিত থকা সত্যক কিয় গোপন কৰা, য’ত ভিতৰত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সত্য নবী স্বীকৃতি দিয়া হৈছে। অথচ তোমালোকে জানা কোনটো সত্য আৰু কোনটো অসত্য তথা কোনটো হিদায়ত আৰু কোনটো ভ্ৰষ্টতা? info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• من علماء أهل الكتاب من يخدع أتباع ملتهم، ولا يبين لهم الحق الذي دلت عليه كتبهم، وجاءت به رسلهم.
আহলে কিতাবৰ কিছুমান ধৰ্মগুৰুৱে সিহঁতৰ অনুসাৰীসকলক প্ৰবঞ্চনা কৰে। সিহঁতৰ পুথিত থকা সত্য আৰু সিহঁতৰ ৰাছুলে লৈ অহা সত্যক প্ৰকাশ নকৰে। info

• من وسائل الكفار الدخول في الدين والتشكيك فيه من الداخل.
কাফিৰসকলে ইছলামক ক্ষতি কৰাৰ এটা পদ্ধতি হল, ইছলামত প্ৰৱেশ কৰি ভিতৰৰ পৰা সন্দেহ সৃষ্টি কৰা। info

• الله تعالى هو الوهاب المتفضل، يعطي من يشاء بفضله، ويمنع من يشاء بعدله وحكمته، ولا ينال فضله إلا بطاعته.
আল্লাহেই দাতা আৰু তেওঁ মহাদানশীল। তেওঁ নিজ কৃপাৰে যাক ইচ্ছা কৰে প্ৰদান কৰে আৰু ন্যায় আৰু হিকমতৰ জৰীয়তে যাক ইচ্ছা কৰে বঞ্চিত কৰে। এতেকে তেওঁৰ অনুগ্ৰহ তেওঁৰ আনুগত্য নকৰাকৈ পোৱা টান। info

• كل عِوَضٍ في الدنيا عن الإيمان بالله والوفاء بعهده - وإن كان عظيمًا - فهو قليل حقير أمام ثواب الآخرة ومنازلها.
আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বিনিময়ত পৃথিৱীৰ যিকোনো মূল্য প্ৰাপ্ত হওঁক সেয়া যিমানেই ডাঙৰ নহওঁক কিয়, আখিৰাতৰ প্ৰতিদান আৰু মৰ্যদাৰ তুলনাত একো নহয়। info