Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
26 : 3

قُلِ اللّٰهُمَّ مٰلِكَ الْمُلْكِ تُؤْتِی الْمُلْكَ مَنْ تَشَآءُ وَتَنْزِعُ الْمُلْكَ مِمَّنْ تَشَآءُ ؗ— وَتُعِزُّ مَنْ تَشَآءُ وَتُذِلُّ مَنْ تَشَآءُ ؕ— بِیَدِكَ الْخَیْرُ ؕ— اِنَّكَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟

হে ৰাছুল! আপুনি আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু তেওঁৰ মহত্ব বৰ্ণনা কৰি কওকঃ হে আল্লাহ! তুমিয়েই পৃথিৱী আৰু আখিৰাতৰ গোটেই ৰাজত্বৰ অধিকাৰী। তোমাৰ সৃষ্টিৰ মাজৰ পৰা তুমি যাক ইচ্ছা কৰা ৰাজত্ব প্ৰদান কৰা আৰু তুমি যাৰ পৰা ইচ্ছা কৰা ৰাজত্ব কাঢ়ি লোৱা। তুমি যাক ইচ্ছা কৰা সন্মানিত কৰা আৰু যাক ইচ্ছা কৰা অপমানিত কৰা। এই সকলোবোৰ তোমাৰ হিকমত আৰু ন্যায়ৰ দ্বাৰাই হয়। সকলো ধৰণৰ কল্যাণ কেৱল তোমাৰেই হাতত, তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• أن التوفيق والهداية من الله تعالى، والعلم - وإن كثر وبلغ صاحبه أعلى المراتب - إن لم يصاحبه توفيق الله لم ينتفع به المرء.
পথপ্ৰদৰ্শন আৰু তাওফীক প্ৰদানকাৰী একমাত্ৰ আল্লাহ তাআলা। জ্ঞান যিমানেই অধিক নাথাকক কিয় আৰু সেই জ্ঞানৰ ফলত যিমান ডাঙৰ পদতেই অধিষ্ঠিত নহওঁক কিয়, যদি আল্লাহৰ তাওফীক লগত নাথাকে তেন্তে তাৰ দ্বাৰা উপকৃত হোৱা সম্ভৱ নহয়। info

• أن الملك لله تعالى، فهو المعطي المانع، المعز المذل، بيده الخير كله، وإليه يرجع الأمر كله، فلا يُسأل أحد سواه.
ৰাজত্ব আল্লাহ তাআলাৰ। তেৱেঁই প্ৰদানকাৰী, তেৱেঁই প্ৰতিৰোধকাৰী, তেৱেঁই সন্মান দানকাৰী আৰু তেৱেঁই অপমানকাৰী। সকলো ধৰণৰ কল্যাণ তেওঁৰেই হাতত। সকলো ধৰণৰ বিষয় তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰে। তেওঁৰ বাহিৰে আন কাৰো ওচৰত প্ৰাৰ্থনা কৰা সমীচিন নহয়। info

• خطورة تولي الكافرين، حيث توعَّد الله فاعله بالبراءة منه وبالحساب يوم القيامة.
কাফিৰসকলৰ লগত বন্ধুত্ব কৰাৰ ভয়াৱহ পৰিণাম। কাৰণ আল্লাহে সতৰ্ক কৰিছে যে, এনেকুৱা বন্ধুত্বকাৰীৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই লগতে ক্বিয়ামতৰ দিনা সি হিচাপ দিব লাগিব। info