Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
82 : 27

وَاِذَا وَقَعَ الْقَوْلُ عَلَیْهِمْ اَخْرَجْنَا لَهُمْ دَآبَّةً مِّنَ الْاَرْضِ تُكَلِّمُهُمْ ۙ— اَنَّ النَّاسَ كَانُوْا بِاٰیٰتِنَا لَا یُوْقِنُوْنَ ۟۠

পাপকৰ্ম আৰু কুফৰীত অটল থকাৰ কাৰণে যেতিয়া সিহঁতৰ ওপৰত শাস্তি অত্যাৱশ্যক হৈ পৰিব, তথা কেৱল নিকৃষ্ট লোকসকল অৱশিষ্ট থাকিব, তেতিয়া আমি সিহঁতৰ বাবে কিয়ামতৰ আগমূহুৰ্তত কিয়ামতৰ এটা ডাঙৰ নিদৰ্শন প্ৰকাশ কৰিম। অৰ্থাৎ পৃথিৱীত এটা জন্তু ওলাব, যিয়ে মানুহৰ সৈতে কথা পাতিব, আৰু মানুহে তাৰ কথা বুজিও পাব। (সেই জন্তুটোৱে ক’ব) মানুহে আমাৰ নবীৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক বিশ্বাস কৰা নাছিল। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• أهمية التوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰাৰ গুৰুত্ব। info

• تزكية النبي صلى الله عليه وسلم بأنه على الحق الواضح.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে এই স্পষ্টীকৰণ যে, তেওঁ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। info

• هداية التوفيق بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
হিদায়ত প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, ৰাছুলৰ হাতত ইয়াৰ কোনো অধিকাৰ নাই। info

• دلالة النوم على الموت، والاستيقاظ على البعث.
টোপনিয়ে মৃত্যুক প্ৰমাণ কৰে, আৰু টোপনিৰ পৰা সাৰ পোৱাটোৱে পুনৰুত্থানক প্ৰমাণ কৰে। info