Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
87 : 21

وَذَا النُّوْنِ اِذْ ذَّهَبَ مُغَاضِبًا فَظَنَّ اَنْ لَّنْ نَّقْدِرَ عَلَیْهِ فَنَادٰی فِی الظُّلُمٰتِ اَنْ لَّاۤ اِلٰهَ اِلَّاۤ اَنْتَ سُبْحٰنَكَ ۖۗ— اِنِّیْ كُنْتُ مِنَ الظّٰلِمِیْنَ ۟ۚۖ

হে ৰাছুল! মাছৰ গৰাকী ইউনুছ আলাইহিচ্ছালামৰ বিষয়টো স্মৰণ কৰক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ নিজ সম্প্ৰদায়ৰ অবাধ্যতাত অসন্তুষ্ট হৈ গুচি গৈছিল। তেওঁ ভাৱিছিল যে, তেওঁ গুচি গ’লে আমি তেওঁক শাস্তিস্বৰূপে তেওঁৰ প্ৰতি সংকীৰ্ণতা জাপি নিদিওঁ। কিন্তু তেওঁক মাছে গিলি খালে আৰু মাছৰ পেটৰ অন্ধকাৰাচ্ছন্ন সংকীৰ্ণ ঠাইত বন্দী হৈ থাকিল। ফলত তেওঁ ৰাতিৰ অন্ধকাৰ, সাগৰ আৰু মাছৰ পেটৰ অন্ধকাৰত নিজৰ গুনাহ স্বীকাৰৰ জৰিয়তে তাওবা কৰি আল্লাহৰ ওচৰত দুআ কৰিলেঃ তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তুমি পাক তথা পৱিত্ৰ। নিশ্চয় মই অপৰাধ কৰিছোঁ। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• الصلاح سبب للرحمة.
সৎকৰ্ম হৈছে আল্লাহৰ ৰহমত লাভ কৰাৰ অন্যতম উপায়। info

• الالتجاء إلى الله وسيلة لكشف الكروب.
আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিলে বিপদ-আপদ দূৰ হয়। info

• فضل طلب الولد الصالح ليبقى بعد الإنسان إذا مات.
নেক সন্তানৰ প্ৰাৰ্থনাৰ গুৰুত্ব, যাতে মানুহজন মৃত্যুবৰণ কৰিলেও দুআ কৰিবলৈ তেওঁৰ সন্তান বাকী থাকে। info

• الإقرار بالذنب، والشعور بالاضطرار لله وشكوى الحال له، وطاعة الله في الرخاء من أسباب إجابة الدعاء وكشف الضر.
গুনাহ স্বীকাৰ কৰিলে, আল্লাহৰ সন্মুখত নিজৰ বিৱশতা প্ৰকাশ কৰিলে, কেৱল তেওঁৰ ওচৰতেই দুআ কৰিলে, তথা সুখ-শান্তিৰ সময়ত আল্লাহক স্মৰণ কৰিলে দুআ কবূল হয়, লগতে বিপদ-আপদৰ পৰা ৰক্ষা পোৱা যায়। info