Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
42 : 21

قُلْ مَنْ یَّكْلَؤُكُمْ بِالَّیْلِ وَالنَّهَارِ مِنَ الرَّحْمٰنِ ؕ— بَلْ هُمْ عَنْ ذِكْرِ رَبِّهِمْ مُّعْرِضُوْنَ ۟

হে ৰাছুল! খৰখেদাকৈ যিসকলে শাস্তি বিচাৰি আছে সিহঁতক আপুনি কৈ দিয়কঃ ৰহমানে যদি তোমালোকক শাস্তি অৱতীৰ্ণ কৰি ধ্বংস কৰিব বিচাৰে তেন্তে কোৱাচোন, ৰাতি অথবা দিনৰ ভাগতেই হওঁক তোমালোকক কোনে সুৰক্ষা প্ৰদান কৰিব? বৰং সিহঁত নিজ প্ৰতিপালকৰ উপদেশ আৰু প্ৰমাণৰ পৰা বিমুখ হৈ আছে। নিজৰ মুৰ্খতা আৰু নিৰ্বোধতাৰ কাৰণে এই সম্পৰ্কে অকণো চিন্তা-চৰ্চা নকৰে। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• بيان كفر من يستهزئ بالرسول، سواء بالقول أو الفعل أو الإشارة.
এই কথাৰ বৰ্ণনা যে, ৰাছুলৰ লগত উপহাস কৰা ব্যক্তি হৈছে কাফিৰ, সেই উপহাস কথাৰ জৰিয়তেই হওঁক অথবা কৰ্মৰ জৰিয়তে নাইবা ইংগিতেৰে। info

• من طبع الإنسان الاستعجال، والأناة خلق فاضل.
মানুহ স্বভাৱগতভাৱে ক্ষীপ্ৰতাপ্ৰিয়। আনহাতে ধৈৰ্য্য ধাৰণ কৰাটো হৈছে এটা উত্তম বৈশিষ্ট্য। info

• لا يحفظ من عذاب الله إلا الله.
আল্লাহৰ শাস্তিৰ পৰা আল্লাহৰ বাহিৰে আন কোনেও ৰক্ষা কৰিব নোৱাৰে। info

• مآل الباطل الزوال، ومآل الحق البقاء.
অসত্য ধ্বংস হোৱাটো অনিবাৰ্য, বাকী থাকিব কেৱল সত্য। info