Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
52 : 18

وَیَوْمَ یَقُوْلُ نَادُوْا شُرَكَآءِیَ الَّذِیْنَ زَعَمْتُمْ فَدَعَوْهُمْ فَلَمْ یَسْتَجِیْبُوْا لَهُمْ وَجَعَلْنَا بَیْنَهُمْ مَّوْبِقًا ۟

হে ৰাছুল! সিহঁতৰ সন্মুখত কিয়ামত দিৱসৰ চৰ্চা কৰক, যিদিনা আল্লাহে পৃথিৱীত শ্বিৰ্ক কৰা লোকসকলক উদ্দেশ্যি ক'বঃ সেইবোৰ উপাস্যক মাতি আনা যিবোৰক তোমালোকে মোৰ সমকক্ষ বুলি ধাৰণা কৰিছিলা, সম্ভৱতঃ সিহঁতে তোমালোকক কিবা সহায় কৰিব পাৰিব। এই শুনি সিহঁতে আহ্বান কৰিব, কিন্তু সিহঁতৰ আহ্বানত কোনো সঁহাৰি নাপাব আৰু সহায়ও নকৰিব। এতেকে আমি পূজাৰী আৰু উপাস্য উভয়ৰ মাজতে এখন বিনাশস্থল বনাই দিম, য’ত সিহঁতে শাস্তি ভোগ কৰিব। সেয়া হৈছে জাহান্নাম। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• على العبد الإكثار من الباقيات الصالحات، وهي كل عمل صالح من قول أو فعل يبقى للآخرة.
বান্দাসকলে বেছি বেছি স্থায়ী নেক কৰ্ম কৰা উচিত, সেয়া হৈছে প্ৰত্যেক পূণ্যৱান কথা-কৰ্ম, এইবোৰ আখিৰাতৰ বাবে চিৰস্থায়ী। info

• على العبد تذكر أهوال القيامة، والعمل لهذا اليوم حتى ينجو من أهواله، وينعم بجنة الله ورضوانه.
বান্দাসকলে কিয়ামতৰ ভয়ৱহতা স্মৰণ কৰা উচিত। লগতে সেইদিৱসৰ ভয়ৱহতাৰ পৰা ৰক্ষা পাবলৈ নেক আমল কৰা উচিত, যাতে আল্লাহৰ জান্নাত আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিব পাৰে। info

• كَرَّم الله تعالى أبانا آدم عليه السلام والجنس البشري بأجمعه بأمره الملائكة أن تسجد له في بدء الخليقة سجود تحية وتكريم.
আল্লাহে আমাৰ আদি পিতা আদম আলাইহিচ্ছালামক আৰু গোটেই মানৱজাতিক সন্মানিত কৰিছে। সেয়ে তেওঁ সৃষ্টিৰ আৰম্ভণিতেই আদেশৰ জৰিয়তে ফিৰিস্তাসকলৰ হতোৱাই সন্মান আৰু অভিবাদনৰ ছাজদাহ কৰোৱাইছিল। info

• في الآيات الحث على اتخاذ الشيطان عدوًّا.
উক্ত আয়াতসমূহত চয়তানক শত্ৰু গণ্য কৰিবলৈ প্ৰেৰণা দিয়া হৈছে। info