Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
57 : 17

اُولٰٓىِٕكَ الَّذِیْنَ یَدْعُوْنَ یَبْتَغُوْنَ اِلٰی رَبِّهِمُ الْوَسِیْلَةَ اَیُّهُمْ اَقْرَبُ وَیَرْجُوْنَ رَحْمَتَهٗ وَیَخَافُوْنَ عَذَابَهٗ ؕ— اِنَّ عَذَابَ رَبِّكَ كَانَ مَحْذُوْرًا ۟

ইহঁতে যিসকল ফিৰিস্তা আৰু অন্যান্য লোকক উপাস্য বুলি ভাৱে, স্বয়ং তেওঁলোকেই সৎকৰ্মৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভৰ প্ৰয়াস কৰে, তথা আনুগত্যৰ দ্বাৰা নৈকট্য প্ৰাপ্তিৰ ক্ষেত্ৰত ইজনে সিজনৰ লগত প্ৰতিযোগিতা কৰে। তেওঁলোকে আল্লাহৰ দয়া কামনা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকৰ শাস্তি এটা ভয় কৰিবলগীয়া বিষয়। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• القول الحسن داع لكل خلق جميل وعمل صالح، فإنَّ من ملك لسانه ملك جميع أمره.
উত্তম কথাই মানুহৰ নেক আমল আৰু সৎচৰিত্ৰত ভাল প্ৰভাৱ পেলায়। নিশ্চয় যিয়ে নিজৰ জিভাখনক নিয়ন্ত্ৰণত ৰাখিব, ধৰি লোৱা তাৰ সকলো কৰ্ম নিয়ন্ত্ৰণ হৈ গ'ল। info

• فاضل الله بين الأنبياء بعضهم على بعض عن علم منه وحكمة.
আল্লাহে নিজৰ হিকমত তথা জ্ঞানৰ দ্বাৰা কিছুমান নবীক আন কিছুমান নবীৰ ওপৰত প্ৰাধান্য প্ৰদান কৰিছে। info

• الله لا يريد بعباده إلا ما هو الخير، ولا يأمرهم إلا بما فيه مصلحتهم.
আল্লাহে বান্দাৰ কেৱল কল্যাণহে বিচাৰে, সেয়ে তেওঁ সিহঁতক কেৱল সেইটোৰে আদেশ দিয়ে যিটোত সিহঁতৰ কল্যাণ আছে। info

• علامة محبة الله أن يجتهد العبد في كل عمل يقربه إلى الله، وينافس في قربه بإخلاص الأعمال كلها لله والنصح فيها.
আল্লাহক ভাল পোৱাৰ পৰিচয় হৈছে এই যে, বান্দাই প্ৰত্যেক সেই কাম কৰে যি কৰ্মই তাক আল্লাহৰ নৈকট্য লাভ কৰায়। আৰু তেওঁৰ নৈকট্য লাভ কৰিবলৈ সকলো কৰ্ম বিশুদ্ধ কৰাৰ ক্ষেত্ৰত ইজনে সিজনৰ পৰা আগুৱাই যোৱাৰ প্ৰয়াস কৰে। info