Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
11 : 17

وَیَدْعُ الْاِنْسَانُ بِالشَّرِّ دُعَآءَهٗ بِالْخَیْرِ ؕ— وَكَانَ الْاِنْسَانُ عَجُوْلًا ۟

মানুহে অজ্ঞানতাবশতঃ তথা ক্ৰোধান্বিত হৈ নিজৰ বিৰুদ্ধে তথা নিজৰ সন্তান-সন্ততি আৰু ধন-সম্পদৰ বিৰুদ্ধে ঠিক সেইদৰেই বদ্দুআ কৰে যিদৰে নিজৰ বাবে কল্যাণৰ দুআ কৰে। যদি আমি তাৰ বদ্দুআ কবূল কৰি লওঁ তেন্তে সি ধ্বংস হৈ যাব, তাৰ ধন-সম্পদ আৰু সন্তান-সন্ততি বিনষ্ট হৈ যাব। দৰাচলতে মানুহ জন্মগতভাৱে ক্ষিপ্ৰতাপ্ৰেমী। সেয়ে কেতিয়াবা কেতিয়াবা মানুহে সেই বিষয়টোকলৈ খৰখেদা কৰে যিটো তাৰ বাবে ক্ষতিকৰ। info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• من اهتدى بهدي القرآن كان أكمل الناس وأقومهم وأهداهم في جميع أموره.
যিয়ে কোৰআনৰ হিদায়ত অৱলম্বন কৰিছে, তেওঁ সকলো ক্ষেত্ৰতে আটাইতকৈ পৰিপক্ক, সঠিক তথা হিদায়তপ্ৰাপ্ত। info

• التحذير من الدعوة على النفس والأولاد بالشر.
নিজৰ প্ৰতি তথা সন্তান-সন্ততিৰ প্ৰতি বদ্দুআৰ পৰা সতৰ্ক কৰা হৈছে। info

• اختلاف الليل والنهار بالزيادة والنقص وتعاقبهما، وضوء النهار وظلمة الليل، كل ذلك دليل على وحدانية الله ووجوده وكمال علمه وقدرته.
দিন-ৰাতি সৰু ডাঙৰ হোৱা, এটাই আনটোৰ পিছত অহা, দিন আলোকময় আৰু ৰাতি অন্ধকাৰ, এই সকলোবোৰ আল্লাহৰ একত্ববাদৰ প্ৰমাণ তথা তেওঁৰ অস্তিত্ব আৰু পৰিপূৰ্ণ জ্ঞান আৰু ক্ষমতাৰ প্ৰতীক। info

• تقرر الآيات مبدأ المسؤولية الشخصية، عدلًا من الله ورحمة بعباده.
এইটো আল্লাহৰ ন্যায় আৰু তেওঁৰ বান্দাসকলৰ প্ৰতি কৃপা যে, তেওঁ এই আয়াতবোৰৰ জৰিয়তে ব্যক্তিগত দায়িত্বৰ সুত্ৰ স্থাপন কৰিছে। info