Salin ng mga Kahulugan ng Marangal na Qur'an - Salin sa Wikang Asames ng Al-Mukhtasar fī Tafsīr Al-Qur’an Al-Karīm

external-link copy
44 : 14

وَاَنْذِرِ النَّاسَ یَوْمَ یَاْتِیْهِمُ الْعَذَابُ فَیَقُوْلُ الَّذِیْنَ ظَلَمُوْا رَبَّنَاۤ اَخِّرْنَاۤ اِلٰۤی اَجَلٍ قَرِیْبٍ ۙ— نُّجِبْ دَعْوَتَكَ وَنَتَّبِعِ الرُّسُلَ ؕ— اَوَلَمْ تَكُوْنُوْۤا اَقْسَمْتُمْ مِّنْ قَبْلُ مَا لَكُمْ مِّنْ زَوَالٍ ۟ۙ

হে ৰাছুল! আপুনি আপোনাৰ উম্মতক ক্বিয়ামত দিৱসৰ শাস্তিৰ পৰা সাৱধান কৰক। আল্লাহৰ লগত ৰী আৰু শ্বিৰ্ক কৰি যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে সিহঁতে সেইদিনা কবঃ হে আমাৰ প্ৰতিপালক! আমাক অলপ অৱকাশ দিয়া, আৰু কিছু সময়ৰ বাবে আমাৰ পৰা শাস্তি আঁতৰাই ৰাখা, আৰু আমাক সেই সময়ছোৱাত পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰা, আমি তোমাৰ প্ৰতি ঈমান আনিম আৰু তোমাৰ ৰাছুলসকলক অনুসৰণ কৰিম, যিসকলক তুমি আমালৈ প্ৰেৰণ কৰিছিলা। তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ তোমালোকে পাৰ্থিৱ জীৱনত, মৃত্যুৰ পৰৱৰ্তী জীৱনক অস্বীকাৰ কৰি শপত খোৱা নাছিলানে যে, তোমালোকে কেতিয়াও পৃথিৱীৰ পৰা আখিৰাতলৈ প্ৰত্যাৱৰ্তন নকৰিবা? info
التفاسير:
Ilan sa mga Pakinabang ng mga Ayah sa Pahinang Ito:
• تصوير مشاهد يوم القيامة وجزع الخلق وخوفهم وضعفهم ورهبتهم، وتبديل الأرض والسماوات.
ক্বিয়ামত দিৱসৰ দৃশ্য, মানুহৰ ভয়-ভীতি আৰু নিৰ্বলতাৰ বৰ্ণনা, পৃথিৱী আৰু আকাশমণ্ডল পৰিবৰ্তনৰ বৰ্ণনা। info

• وصف شدة العذاب والذل الذي يلحق بأهل المعصية والكفر يوم القيامة.
পাপিষ্ঠ আৰু কাফিৰসকলৰ বাবে ক্বিয়ামতৰ দিনা হ'বলগীয়া কঠিন শাস্তি আৰু অপমানৰ বৰ্ণনা। info

• أن العبد في سعة من أمره في حياته في الدنيا، فعليه أن يجتهد في الطاعة، فإن الله تعالى لا يتيح له فرصة أخرى إذا بعثه يوم القيامة.
পাৰ্থিৱ জীৱনত বান্দাই নিজৰ ক্ষেত্ৰত ফয়চালা লব পাৰে। সেয়ে সিহঁতে বেছি বেছি নেক কৰ্ম কৰা উচিত। কিয়নো আল্লাহে ক্বিয়ামতৰ দিনা পুনৰুত্থান কৰাৰ পিছত দ্বিতীয়বাৰ এই অৱকাশ প্ৰদান নকৰিব। info