పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - అస్సామీ అనువాదం - రఫీఖుల్ ఇస్లాం హబీబుర్రహ్మాన్

పేజీ నెంబరు:close

external-link copy
43 : 68

خَاشِعَةً اَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ؕ— وَقَدْ كَانُوْا یُدْعَوْنَ اِلَی السُّجُوْدِ وَهُمْ سٰلِمُوْنَ ۟

সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ (সুস্থ) আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)। info
التفاسير:

external-link copy
44 : 68

فَذَرْنِیْ وَمَنْ یُّكَذِّبُ بِهٰذَا الْحَدِیْثِ ؕ— سَنَسْتَدْرِجُهُمْ مِّنْ حَیْثُ لَا یَعْلَمُوْنَ ۟ۙ

এতেকে মোক আৰু সিহঁতক এৰি দিয়া, যিসকলে এই বাণীক প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব। info
التفاسير:

external-link copy
45 : 68

وَاُمْلِیْ لَهُمْ ؕ— اِنَّ كَیْدِیْ مَتِیْنٌ ۟

আৰু মই সিহঁতক অৱকাশ দিওঁ। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ। info
التفاسير:

external-link copy
46 : 68

اَمْ تَسْـَٔلُهُمْ اَجْرًا فَهُمْ مِّنْ مَّغْرَمٍ مُّثْقَلُوْنَ ۟ۚ

তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে? info
التفاسير:

external-link copy
47 : 68

اَمْ عِنْدَهُمُ الْغَیْبُ فَهُمْ یَكْتُبُوْنَ ۟

নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে! info
التفاسير:

external-link copy
48 : 68

فَاصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تَكُنْ كَصَاحِبِ الْحُوْتِ ۘ— اِذْ نَادٰی وَهُوَ مَكْظُوْمٌ ۟ؕ

এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে (অধৈৰ্য্য) নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত মিনতি কৰিছিল। info
التفاسير:

external-link copy
49 : 68

لَوْلَاۤ اَنْ تَدٰرَكَهٗ نِعْمَةٌ مِّنْ رَّبِّهٖ لَنُبِذَ بِالْعَرَآءِ وَهُوَ مَذْمُوْمٌ ۟

যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লহেঁতেন। info
التفاسير:

external-link copy
50 : 68

فَاجْتَبٰىهُ رَبُّهٗ فَجَعَلَهٗ مِنَ الصّٰلِحِیْنَ ۟

তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিলে। info
التفاسير:

external-link copy
51 : 68

وَاِنْ یَّكَادُ الَّذِیْنَ كَفَرُوْا لَیُزْلِقُوْنَكَ بِاَبْصَارِهِمْ لَمَّا سَمِعُوا الذِّكْرَ وَیَقُوْلُوْنَ اِنَّهٗ لَمَجْنُوْنٌ ۟ۘ

আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায়, যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ হৈছে এজন উন্মাদ’। info
التفاسير:

external-link copy
52 : 68

وَمَا هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟۠

অথচ এই কোৰআন হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশ। info
التفاسير: