పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - అస్సామీ అనువాదం - రఫీఖుల్ ఇస్లాం హబీబుర్రహ్మాన్

external-link copy
138 : 6

وَقَالُوْا هٰذِهٖۤ اَنْعَامٌ وَّحَرْثٌ حِجْرٌ ۖۗ— لَّا یَطْعَمُهَاۤ اِلَّا مَنْ نَّشَآءُ بِزَعْمِهِمْ وَاَنْعَامٌ حُرِّمَتْ ظُهُوْرُهَا وَاَنْعَامٌ لَّا یَذْكُرُوْنَ اسْمَ اللّٰهِ عَلَیْهَا افْتِرَآءً عَلَیْهِ ؕ— سَیَجْزِیْهِمْ بِمَا كَانُوْا یَفْتَرُوْنَ ۟

আৰু সিহঁতে সিহঁতৰ ধাৰণা অনুযায়ী কয়, ‘এইবোৰ চতুষ্পদ জন্তু আৰু শস্যক্ষেত্ৰ নিষিদ্ধ, আমি যাক ইচ্ছা কৰোঁ তাৰ বাহিৰে কোনেও এইবোৰ খাব নোৱাৰিব’, এইদৰে কিছুসংখ্যক চতুষ্পদ জন্তুৰ পিঠিত আৰোহণ নিষিদ্ধ কৰা হৈছে আৰু কিছুসংখ্যক জন্তুক জবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নাম নলয়। এইবোৰ দৰাচলতে সিহঁতে আল্লাহ সম্পৰ্কে মিছা ৰটনাৰ উদ্দেশ্যে কৈ ফুৰে; সিহঁতৰ এই মিছা ৰটনাৰ প্ৰতিফল তেওঁ অচিৰেই সিহঁতক প্ৰদান কৰিব। info
التفاسير: