పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - అస్సామీ అనువాదం - రఫీఖుల్ ఇస్లాం హబీబుర్రహ్మాన్

external-link copy
62 : 27

اَمَّنْ یُّجِیْبُ الْمُضْطَرَّ اِذَا دَعَاهُ وَیَكْشِفُ السُّوْٓءَ وَیَجْعَلُكُمْ خُلَفَآءَ الْاَرْضِ ؕ— ءَاِلٰهٌ مَّعَ اللّٰهِ ؕ— قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟ؕ

বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে নিৰুপায় ব্যক্তিৰ আহ্বানত সঁহাৰি দিয়ে যেতিয়া সি তেওঁক আহ্বান কৰে আৰু তেৱেঁই বিপদ-আপদ দূৰীভূত কৰে, লগতে তেৱেঁই তোমালোকক পৃথিৱীৰ প্ৰতিনিধি বনায়। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। info
التفاسير: