పవిత్ర ఖురాన్ యొక్క భావార్థాల అనువాదం - అస్సామీ అనువాదం - రఫీఖుల్ ఇస్లాం హబీబుర్రహ్మాన్

పేజీ నెంబరు:close

external-link copy
75 : 23

وَلَوْ رَحِمْنٰهُمْ وَكَشَفْنَا مَا بِهِمْ مِّنْ ضُرٍّ لَّلَجُّوْا فِیْ طُغْیَانِهِمْ یَعْمَهُوْنَ ۟

আৰু যদি আমি সিহঁতৰ প্ৰতি দয়া কৰোঁ আৰু সিহঁতৰ দুখ-দৈন্য দূৰ কৰি দিওঁ তথাপিও সিহঁতে অবাধ্যতাত বিভ্ৰান্তৰ দৰে ঘূৰি থাকিব। info
التفاسير:

external-link copy
76 : 23

وَلَقَدْ اَخَذْنٰهُمْ بِالْعَذَابِ فَمَا اسْتَكَانُوْا لِرَبِّهِمْ وَمَا یَتَضَرَّعُوْنَ ۟

নিশ্চয় আমি সিহঁতক শাস্তিৰ দ্বাৰা সতৰ্ক কৰিছোঁ, তথাপিও সিহঁতে নিজ প্ৰতিপালকৰ প্ৰতি অৱনত নহ’ল আৰু বিনীত হৈ প্ৰাৰ্থনাও নকৰিলে। info
التفاسير:

external-link copy
77 : 23

حَتّٰۤی اِذَا فَتَحْنَا عَلَیْهِمْ بَابًا ذَا عَذَابٍ شَدِیْدٍ اِذَا هُمْ فِیْهِ مُبْلِسُوْنَ ۟۠

অৱশেষত যেতিয়া আমি সিহঁতৰ ওপৰত কঠিন শাস্তিৰ দুৱাৰ খুলি দিলোঁ তেতিয়াহে সিহঁতে হতাশ হৈ পৰিল। info
التفاسير:

external-link copy
78 : 23

وَهُوَ الَّذِیْۤ اَنْشَاَ لَكُمُ السَّمْعَ وَالْاَبْصَارَ وَالْاَفْـِٕدَةَ ؕ— قَلِیْلًا مَّا تَشْكُرُوْنَ ۟

তেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তকৰণ সৃষ্টি কৰিছে; কিন্তু তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা। info
التفاسير:

external-link copy
79 : 23

وَهُوَ الَّذِیْ ذَرَاَكُمْ فِی الْاَرْضِ وَاِلَیْهِ تُحْشَرُوْنَ ۟

তেৱেঁই তোমালোকক পৃথিৱীত বিস্তৃত কৰিছে আৰু তোমালোকক তেওঁৰ ওচৰতেই সমবেত কৰা হ’ব। info
التفاسير:

external-link copy
80 : 23

وَهُوَ الَّذِیْ یُحْیٖ وَیُمِیْتُ وَلَهُ اخْتِلَافُ الَّیْلِ وَالنَّهَارِ ؕ— اَفَلَا تَعْقِلُوْنَ ۟

তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়, তেওঁৰ অধিকাৰতেই ৰাতি আৰু দিনৰ পৰিবৰ্তন হয়। তথাপিও তোমালোকে বুজি নোপোৱানে? info
التفاسير:

external-link copy
81 : 23

بَلْ قَالُوْا مِثْلَ مَا قَالَ الْاَوَّلُوْنَ ۟

বৰং সিহঁতেও সেই কথাকেই কয় যি কথা সিহঁতৰ পূৰ্বৱৰ্তীসকলে কৈছিল। info
التفاسير:

external-link copy
82 : 23

قَالُوْۤا ءَاِذَا مِتْنَا وَكُنَّا تُرَابًا وَّعِظَامًا ءَاِنَّا لَمَبْعُوْثُوْنَ ۟

সিহঁতে কয়, ‘যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটি তথা অস্থিত পৰিণত হ'ম, তাৰ পিছতো আমি পুনৰুত্থিত হ'মনে? info
التفاسير:

external-link copy
83 : 23

لَقَدْ وُعِدْنَا نَحْنُ وَاٰبَآؤُنَا هٰذَا مِنْ قَبْلُ اِنْ هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟

‘নিশ্চয় আমাক আৰু ইতিপূৰ্বে আমাৰ পূৰ্বপুৰুষসকলকো এনে ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এয়া পূৰ্বৱৰ্তীসকলৰ উপকথাৰ বাহিৰে আন একো নহয়’। info
التفاسير:

external-link copy
84 : 23

قُلْ لِّمَنِ الْاَرْضُ وَمَنْ فِیْهَاۤ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟

কোৱা, ‘পৃথিৱী আৰু ইয়াত যি আছে সেই সকলোবোৰ(ৰঅধিকাৰ) কাৰ? যদি তোমালোকে জানা (তেন্তে কোৱা)’। info
التفاسير:

external-link copy
85 : 23

سَیَقُوْلُوْنَ لِلّٰهِ ؕ— قُلْ اَفَلَا تَذَكَّرُوْنَ ۟

সিহঁতে তৎক্ষণাত ক’ব, ‘আল্লাহৰ’। কোৱা, ‘তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে’? info
التفاسير:

external-link copy
86 : 23

قُلْ مَنْ رَّبُّ السَّمٰوٰتِ السَّبْعِ وَرَبُّ الْعَرْشِ الْعَظِیْمِ ۟

কোৱা, ‘সপ্ত আকাশ আৰু মহা আৰছৰ প্ৰতিপালক কোন’? info
التفاسير:

external-link copy
87 : 23

سَیَقُوْلُوْنَ لِلّٰهِ ؕ— قُلْ اَفَلَا تَتَّقُوْنَ ۟

শীঘ্ৰেই সিহঁতে ক’ব, ‘আল্লাহ’। কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’? info
التفاسير:

external-link copy
88 : 23

قُلْ مَنْ بِیَدِهٖ مَلَكُوْتُ كُلِّ شَیْءٍ وَّهُوَ یُجِیْرُ وَلَا یُجَارُ عَلَیْهِ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟

কোৱা, ‘কাৰ হাতত সকলো বস্তুৰ কৰ্তৃত্ব? যিজনে আশ্ৰয় দান কৰে অথচ তেওঁৰ বিপক্ষে কোনোৱেই কাকো আশ্ৰয় দিব নোৱাৰে, যদি তোমালোকে জানা (তেন্তে কোৱা)’। info
التفاسير:

external-link copy
89 : 23

سَیَقُوْلُوْنَ لِلّٰهِ ؕ— قُلْ فَاَنّٰی تُسْحَرُوْنَ ۟

অচিৰেই সিহঁতে ক’ব ‘আল্লাহ’। কোৱা, ‘তেন্তে ক’ৰ পৰা তোমালোকে যাদুগ্ৰস্ত হৈছা’? info
التفاسير: