அல்குர்ஆன் மொழிபெயர்ப்பு - அசாம் மொழிபெயர்ப்பு - ரபீக் அல்-இஸ்லாம் ஹபீபூர்-ரஹ்மான்

பக்க எண்:close

external-link copy
30 : 41

اِنَّ الَّذِیْنَ قَالُوْا رَبُّنَا اللّٰهُ ثُمَّ اسْتَقَامُوْا تَتَنَزَّلُ عَلَیْهِمُ الْمَلٰٓىِٕكَةُ اَلَّا تَخَافُوْا وَلَا تَحْزَنُوْا وَاَبْشِرُوْا بِالْجَنَّةِ الَّتِیْ كُنْتُمْ تُوْعَدُوْنَ ۟

নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰলৈ ফিৰিস্তা অৱতীৰ্ণ হৈ এই কথা কয় যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা। info
التفاسير:

external-link copy
31 : 41

نَحْنُ اَوْلِیٰٓؤُكُمْ فِی الْحَیٰوةِ الدُّنْیَا وَفِی الْاٰخِرَةِ ۚ— وَلَكُمْ فِیْهَا مَا تَشْتَهِیْۤ اَنْفُسُكُمْ وَلَكُمْ فِیْهَا مَا تَدَّعُوْنَ ۟ؕ

‘আমিয়েই তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাততো। আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব, লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱেই থাকিব’। info
التفاسير:

external-link copy
32 : 41

نُزُلًا مِّنْ غَفُوْرٍ رَّحِیْمٍ ۟۠

অত্যন্ত ক্ষমাশীল, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা এইটো হ’ব আতিথ্য। info
التفاسير:

external-link copy
33 : 41

وَمَنْ اَحْسَنُ قَوْلًا مِّمَّنْ دَعَاۤ اِلَی اللّٰهِ وَعَمِلَ صَالِحًا وَّقَالَ اِنَّنِیْ مِنَ الْمُسْلِمِیْنَ ۟

সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান কৰে, লগতে সৎকৰ্ম কৰে? আৰু কয়, ‘নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’। info
التفاسير:

external-link copy
34 : 41

وَلَا تَسْتَوِی الْحَسَنَةُ وَلَا السَّیِّئَةُ ؕ— اِدْفَعْ بِالَّتِیْ هِیَ اَحْسَنُ فَاِذَا الَّذِیْ بَیْنَكَ وَبَیْنَهٗ عَدَاوَةٌ كَاَنَّهٗ وَلِیٌّ حَمِیْمٌ ۟

ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে। info
التفاسير:

external-link copy
35 : 41

وَمَا یُلَقّٰىهَاۤ اِلَّا الَّذِیْنَ صَبَرُوْا ۚ— وَمَا یُلَقّٰىهَاۤ اِلَّا ذُوْ حَظٍّ عَظِیْمٍ ۟

এই চৰিত্ৰৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল ধৈৰ্য্যশীল। লগতে ইয়াৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল মহাভাগ্যৱান। info
التفاسير:

external-link copy
36 : 41

وَاِمَّا یَنْزَغَنَّكَ مِنَ الشَّیْطٰنِ نَزْغٌ فَاسْتَعِذْ بِاللّٰهِ ؕ— اِنَّهٗ هُوَ السَّمِیْعُ الْعَلِیْمُ ۟

আৰু যদি চয়তানৰ তৰফৰ পৰা কোনো কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। info
التفاسير:

external-link copy
37 : 41

وَمِنْ اٰیٰتِهِ الَّیْلُ وَالنَّهَارُ وَالشَّمْسُ وَالْقَمَرُ ؕ— لَا تَسْجُدُوْا لِلشَّمْسِ وَلَا لِلْقَمَرِ وَاسْجُدُوْا لِلّٰهِ الَّذِیْ خَلَقَهُنَّ اِنْ كُنْتُمْ اِیَّاهُ تَعْبُدُوْنَ ۟

আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা। info
التفاسير:

external-link copy
38 : 41

فَاِنِ اسْتَكْبَرُوْا فَالَّذِیْنَ عِنْدَ رَبِّكَ یُسَبِّحُوْنَ لَهٗ بِالَّیْلِ وَالنَّهَارِ وَهُمْ لَا یَسْـَٔمُوْنَ ۟

তথাপিও যদি সিহঁতে অহংকাৰ কৰে, তেন্তে (জানি থোৱা) যিসকল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে, তেওঁলোকে দিনে ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তিবোধো নকৰে। (ছাজদাহ) info
التفاسير: