அல்குர்ஆன் மொழிபெயர்ப்பு - அசாம் மொழிபெயர்ப்பு - ரபீக் அல்-இஸ்லாம் ஹபீபூர்-ரஹ்மான்

আল-ফুৰক্বান

external-link copy
1 : 25

تَبٰرَكَ الَّذِیْ نَزَّلَ الْفُرْقَانَ عَلٰی عَبْدِهٖ لِیَكُوْنَ لِلْعٰلَمِیْنَ نَذِیْرَا ۟ۙ

অতি কল্যাণময় তেওঁ, যিজনে তেওঁৰ বান্দাৰ ওপৰত ফুৰক্বান অৱতীৰ্ণ কৰিছে, যাতে তেওঁ (ৰ সেই বান্দা) বিশ্বজগতৰ বাবে সতৰ্ককাৰী হ’ব পাৰে। info
التفاسير:

external-link copy
2 : 25

١لَّذِیْ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ وَلَمْ یَتَّخِذْ وَلَدًا وَّلَمْ یَكُنْ لَّهٗ شَرِیْكٌ فِی الْمُلْكِ وَخَلَقَ كُلَّ شَیْءٍ فَقَدَّرَهٗ تَقْدِیْرًا ۟

তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী; তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই; সাৰ্বভৌম ক্ষমতাত তেওঁৰ কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে, তাৰ পিছত সেইবোৰক যথাযথ অনুপাতত নিৰ্ধাৰণ কৰিছে। info
التفاسير: