அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

আল-মুদ্দাচ্ছিৰ

சூராவின் இலக்குகளில் சில:
الأمر بالاجتهاد في دعوة المكذبين، وإنذارهم بالآخرة والقرآن.
অস্বীকাৰকাৰীসকলক আহ্বান কৰাৰ ক্ষেত্ৰত অধ্যাৱসায়ৰ নিৰ্দেশ দিছে আৰু সিহঁতক কোৰআন আৰু আখিৰাতৰ দ্বাৰা সাৱধান কৰিবলৈ নিৰ্দেশ দিছে। info

external-link copy
1 : 74

یٰۤاَیُّهَا الْمُدَّثِّرُ ۟ۙ

হে বস্ত্ৰাবৃত ব্যক্তি, অৰ্থাৎ হে নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম। info
التفاسير:

external-link copy
2 : 74

قُمْ فَاَنْذِرْ ۟ۙ

উঠক আৰু আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰক। info
التفاسير:

external-link copy
3 : 74

وَرَبَّكَ فَكَبِّرْ ۟ۙ

আৰু নিজ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষনা কৰক। info
التفاسير:

external-link copy
4 : 74

وَثِیَابَكَ فَطَهِّرْ ۟ۙ

আৰু নিজকে পাপসমূহৰ পৰা পৱিত্ৰ কৰক, লগতে ময়লা-আৱৰ্জনাৰ পৰা কাপোৰ পৱিত্ৰ ৰাখক। info
التفاسير:

external-link copy
5 : 74

وَالرُّجْزَ فَاهْجُرْ ۟ۙ

আৰু মূৰ্তিসমূহৰ পূজাৰ পৰা বিৰত থাকক। info
التفاسير:

external-link copy
6 : 74

وَلَا تَمْنُنْ تَسْتَكْثِرُ ۟ۙ

আৰু প্ৰতিপালকৰ ওচৰত এই বুলি অনুগ্ৰহ নিবিচাৰিব যে, আপুনি অধিক নেক আমল কৰিছে। info
التفاسير:

external-link copy
7 : 74

وَلِرَبِّكَ فَاصْبِرْ ۟ؕ

সমস্যাৰ সন্মুখীন হলে আল্লাহৰ বাবে ধৈৰ্য ধাৰণ কৰক। info
التفاسير:

external-link copy
8 : 74

فَاِذَا نُقِرَ فِی النَّاقُوْرِ ۟ۙ

যেতিয়া শিঙাত দ্বিতীয়বাৰ ফুঁ দিয়া হ'ব। info
التفاسير:

external-link copy
9 : 74

فَذٰلِكَ یَوْمَىِٕذٍ یَّوْمٌ عَسِیْرٌ ۟ۙ

এতেকে সেইদিনটো হ'ব, বহুত কঠিন দিন। info
التفاسير:

external-link copy
10 : 74

عَلَی الْكٰفِرِیْنَ غَیْرُ یَسِیْرٍ ۟

আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে সহজ নহয়। info
التفاسير:

external-link copy
11 : 74

ذَرْنِیْ وَمَنْ خَلَقْتُ وَحِیْدًا ۟ۙ

হে ৰাছুল, মোক আৰু সেই ব্যক্তিক এৰি দিয়ক, যাক মই তাৰ মাকৰ গৰ্ভত অকলশৰীয়াকৈ সৃষ্টি কৰিছো। তেতিয়া তাৰ কোনো ধন নাছিল, সন্তানো নাছিল। (ইয়াত অলীদ বিন মুগীৰাক উদ্দেশ্য কৰা হৈছে।) info
التفاسير:

external-link copy
12 : 74

وَّجَعَلْتُ لَهٗ مَالًا مَّمْدُوْدًا ۟ۙ

আৰু তাক অত্যাধিক ধন-সম্পদ প্ৰদান কৰিছো। info
التفاسير:

external-link copy
13 : 74

وَّبَنِیْنَ شُهُوْدًا ۟ۙ

আৰু তাক এনেকুৱা পুত্ৰ দিছো, যিসকল তাৰ লগত উপস্থিত থাকে আৰু সভাতো অংশগ্ৰহণ কৰে। তাক কোনো যাত্ৰাৰ বাবে অকলে নেৰে। কিয়নো তাৰ ওচৰত ধনৰ কোনো অভাৱ নাছিল। info
التفاسير:

external-link copy
14 : 74

وَّمَهَّدْتُّ لَهٗ تَمْهِیْدًا ۟ۙ

আৰু তাক সুখময় জীৱন, প্ৰচুৰ পৰিমাণৰ জীৱিকা আৰু সন্তান প্ৰদান কৰিছো। info
التفاسير:

external-link copy
15 : 74

ثُمَّ یَطْمَعُ اَنْ اَزِیْدَ ۟ۙ

সি মোৰ লগত কুফুৰী কৰাৰ পিছতো এই আশা কৰে যে, মই তাক আৰু অধিক প্ৰদান কৰিম। যদিও তাক মই বহুত দিছো। info
التفاسير:

external-link copy
16 : 74

كَلَّا ؕ— اِنَّهٗ كَانَ لِاٰیٰتِنَا عَنِیْدًا ۟ؕ

ঘটনাটো তেনেকুৱা নহয় যিদৰে ভাবিছে। সি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আমাৰ আয়াত সমূহৰ শত্ৰু আৰু সেইবোৰৰ অস্বীকাৰকাৰী। info
التفاسير:

external-link copy
17 : 74

سَاُرْهِقُهٗ صَعُوْدًا ۟ؕ

শীঘ্ৰে মই তাক শাস্তিৰ এনেকুৱা বেদনাত নিক্ষেপ কৰিম। যিটো সি সহ্য কৰিব নোৱাৰিব। info
التفاسير:

external-link copy
18 : 74

اِنَّهٗ فَكَّرَ وَقَدَّرَ ۟ۙ

এই কাফিৰ, যাক মই সকলো ধৰণৰ নিয়ামত প্ৰদান কৰিছো, সি এই কোৰআনক ভুল প্ৰমান কৰিবলৈ কি কব লাগে সেয়া চিন্তা কৰিছে আকৌ অন্তৰত তাৰ নিৰ্ণয় কৰিছে। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• المشقة تجلب التيسير.
কঠিনতাই সৰলতা আনে। info

• وجوب الطهارة من الخَبَث الظاهر والباطن.
প্ৰকাশ্য অপ্ৰকাশ্য সকলো ধৰণৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ হোৱা জৰুৰী। info

• الإنعام على الفاجر استدراج له وليس إكرامًا.
পাপিষ্টই পোৱা অনুগ্ৰহ, সন্মান স্বৰূপ নহয় বৰং সিহঁতক ঢিল দিয়াৰ উদ্দেশ্যে দিয়া হয়। info