அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
59 : 22

لَیُدْخِلَنَّهُمْ مُّدْخَلًا یَّرْضَوْنَهٗ ؕ— وَاِنَّ اللّٰهَ لَعَلِیْمٌ حَلِیْمٌ ۟

আল্লাহে তেওঁলোকক নিশ্চয় এনেকুৱা ঠাইত প্ৰৱেশ কৰাব, যিটো স্থান পাই তেওঁলোক সন্তুষ্ট হ'ব। সেইটো হৈছে জান্নাত। নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে আৰু নিয়্যত সম্পৰ্কে সম্পূৰ্ণ অৱগত। তেওঁ অত্যন্ত সহনশীল, দোষ-ত্ৰুটিৰ ক্ষেত্ৰত কেতিয়াও শাস্তি প্ৰদানত খৰখেদা নকৰে। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• مكانة الهجرة في الإسلام وبيان فضلها.
ইছলামত হিজৰতৰ মহত্ব আৰু ইয়াৰ শ্ৰেষ্ঠতা। info

• جواز العقاب بالمثل.
প্ৰতিশোধ গ্ৰহণ কৰাৰ প্ৰমাণ। info

• نصر الله للمُعْتَدَى عليه يكون في الدنيا أو الآخرة.
নিৰ্যাতিত ব্যক্তিক আল্লাহে পৃথিৱী অথবা আখিৰাতত নিশ্চয় সহায় কৰিব। info

• إثبات الصفات العُلَا لله بما يليق بجلاله؛ كالعلم والسمع والبصر والعلو.
জ্ঞান, শ্ৰৱণ, দৃষ্টি আৰু সুউচ্চ আদি বৈশিষ্ট্য আল্লাহৰ আছে বুলি প্ৰমাণ পোৱা গ'ল। সকলো প্ৰকাৰ উচ্চ বৈশিষ্ট্যসমূহ একমাত্ৰ আল্লাহৰ বাবেই, তেওঁৰ ক্ষেত্ৰত সেইদৰেই প্ৰযোজ্য, যিদৰে তেওঁৰ বাবে উপযুক্ত। info