د قرآن کریم د معناګانو ژباړه - آسامي ژباړه - رفیق الاسلام حبیب الرحمن

د مخ نمبر:close

external-link copy
17 : 56

یَطُوْفُ عَلَیْهِمْ وِلْدَانٌ مُّخَلَّدُوْنَ ۟ۙ

তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকল, info
التفاسير:

external-link copy
18 : 56

بِاَكْوَابٍ وَّاَبَارِیْقَ ۙ۬— وَكَاْسٍ مِّنْ مَّعِیْنٍ ۟ۙ

প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ, info
التفاسير:

external-link copy
19 : 56

لَّا یُصَدَّعُوْنَ عَنْهَا وَلَا یُنْزِفُوْنَ ۟ۙ

সেই সুৰা সেৱন কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব-- info
التفاسير:

external-link copy
20 : 56

وَفَاكِهَةٍ مِّمَّا یَتَخَیَّرُوْنَ ۟ۙ

আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ, info
التفاسير:

external-link copy
21 : 56

وَلَحْمِ طَیْرٍ مِّمَّا یَشْتَهُوْنَ ۟ؕ

আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ। info
التفاسير:

external-link copy
22 : 56

وَحُوْرٌ عِیْنٌ ۟ۙ

আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ, info
التفاسير:

external-link copy
23 : 56

كَاَمْثَالِ اللُّؤْلُو الْمَكْنُوْنِ ۟ۚ

যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে, info
التفاسير:

external-link copy
24 : 56

جَزَآءً بِمَا كَانُوْا یَعْمَلُوْنَ ۟

তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে। info
التفاسير:

external-link copy
25 : 56

لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا وَّلَا تَاْثِیْمًا ۟ۙ

তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব, info
التفاسير:

external-link copy
26 : 56

اِلَّا قِیْلًا سَلٰمًا سَلٰمًا ۟

শুনিব কেৱল ছালাম আৰু ছালাম (শান্তি বাক্য)। info
التفاسير:

external-link copy
27 : 56

وَاَصْحٰبُ الْیَمِیْنِ ۙ۬— مَاۤ اَصْحٰبُ الْیَمِیْنِ ۟ؕ

আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো! info
التفاسير:

external-link copy
28 : 56

فِیْ سِدْرٍ مَّخْضُوْدٍ ۟ۙ

তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ, info
التفاسير:

external-link copy
29 : 56

وَّطَلْحٍ مَّنْضُوْدٍ ۟ۙ

আৰু থোকেৰে ভৰা কল গছ, info
التفاسير:

external-link copy
30 : 56

وَّظِلٍّ مَّمْدُوْدٍ ۟ۙ

আৰু সম্প্ৰসাৰিত ছাঁ, info
التفاسير:

external-link copy
31 : 56

وَّمَآءٍ مَّسْكُوْبٍ ۟ۙ

আৰু সদায় প্ৰবাহমান পানী, info
التفاسير:

external-link copy
32 : 56

وَّفَاكِهَةٍ كَثِیْرَةٍ ۟ۙ

আৰু প্ৰচুৰ ফল-মূল, info
التفاسير:

external-link copy
33 : 56

لَّا مَقْطُوْعَةٍ وَّلَا مَمْنُوْعَةٍ ۟ۙ

যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব। info
التفاسير:

external-link copy
34 : 56

وَّفُرُشٍ مَّرْفُوْعَةٍ ۟ؕ

লগতে (তেওঁলোক থাকিব) সুউচ্চ শয্যাসমূহত; info
التفاسير:

external-link copy
35 : 56

اِنَّاۤ اَنْشَاْنٰهُنَّ اِنْشَآءً ۟ۙ

নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত--- info
التفاسير:

external-link copy
36 : 56

فَجَعَلْنٰهُنَّ اَبْكَارًا ۟ۙ

তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ, info
التفاسير:

external-link copy
37 : 56

عُرُبًا اَتْرَابًا ۟ۙ

নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া, info
التفاسير:

external-link copy
38 : 56

لِّاَصْحٰبِ الْیَمِیْنِ ۟ؕ۠

সোঁফালৰ লোকসকলৰ বাবে। info
التفاسير:

external-link copy
39 : 56

ثُلَّةٌ مِّنَ الْاَوَّلِیْنَ ۟ۙ

বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা; info
التفاسير:

external-link copy
40 : 56

وَثُلَّةٌ مِّنَ الْاٰخِرِیْنَ ۟ؕ

আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা। info
التفاسير:

external-link copy
41 : 56

وَاَصْحٰبُ الشِّمَالِ ۙ۬— مَاۤ اَصْحٰبُ الشِّمَالِ ۟ؕ

আনহাতে বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো! info
التفاسير:

external-link copy
42 : 56

فِیْ سَمُوْمٍ وَّحَمِیْمٍ ۟ۙ

সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত, info
التفاسير:

external-link copy
43 : 56

وَّظِلٍّ مِّنْ یَّحْمُوْمٍ ۟ۙ

আৰু অতি ক'লা ধোঁৱাৰ ছাঁত, info
التفاسير:

external-link copy
44 : 56

لَّا بَارِدٍ وَّلَا كَرِیْمٍ ۟

যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়। info
التفاسير:

external-link copy
45 : 56

اِنَّهُمْ كَانُوْا قَبْلَ ذٰلِكَ مُتْرَفِیْنَ ۟ۚۖ

নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল, info
التفاسير:

external-link copy
46 : 56

وَكَانُوْا یُصِرُّوْنَ عَلَی الْحِنْثِ الْعَظِیْمِ ۟ۚ

আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপকৰ্মত। info
التفاسير:

external-link copy
47 : 56

وَكَانُوْا یَقُوْلُوْنَ ۙ۬— اَىِٕذَا مِتْنَا وَكُنَّا تُرَابًا وَّعِظَامًا ءَاِنَّا لَمَبْعُوْثُوْنَ ۟ۙ

আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৃত্যু হৈ মাটি আৰু হাড়ত পৰিণত হ'ম, তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’? info
التفاسير:

external-link copy
48 : 56

اَوَاٰبَآؤُنَا الْاَوَّلُوْنَ ۟

‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’? info
التفاسير:

external-link copy
49 : 56

قُلْ اِنَّ الْاَوَّلِیْنَ وَالْاٰخِرِیْنَ ۟ۙ

কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো-- info
التفاسير:

external-link copy
50 : 56

لَمَجْمُوْعُوْنَ ۙ۬— اِلٰی مِیْقَاتِ یَوْمٍ مَّعْلُوْمٍ ۟

সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’। info
التفاسير: