د قرآن کریم د معناګانو ژباړه - آسامي ژباړه - رفیق الاسلام حبیب الرحمن

external-link copy
127 : 4

وَیَسْتَفْتُوْنَكَ فِی النِّسَآءِ ؕ— قُلِ اللّٰهُ یُفْتِیْكُمْ فِیْهِنَّ ۙ— وَمَا یُتْلٰی عَلَیْكُمْ فِی الْكِتٰبِ فِیْ یَتٰمَی النِّسَآءِ الّٰتِیْ لَا تُؤْتُوْنَهُنَّ مَا كُتِبَ لَهُنَّ وَتَرْغَبُوْنَ اَنْ تَنْكِحُوْهُنَّ وَالْمُسْتَضْعَفِیْنَ مِنَ الْوِلْدَانِ ۙ— وَاَنْ تَقُوْمُوْا لِلْیَتٰمٰی بِالْقِسْطِ ؕ— وَمَا تَفْعَلُوْا مِنْ خَیْرٍ فَاِنَّ اللّٰهَ كَانَ بِهٖ عَلِیْمًا ۟

আৰু মানুহে তোমাৰ ওচৰত নাৰীসকলৰ বিষয়ে সমাধান বিচাৰে। কোৱা, ‘আল্লাহে তোমালোকক সিহঁতৰ বিষয়ে সমাধান দিছে আৰু কিতাবৰ পৰা তোমালোকক যি পাঠ কৰি শুনোৱা হয়, সেইটো হৈছে সেইসকল পিতৃহীন নাৰীৰ বিধান যিসকলৰ নিৰ্ধাৰিত প্ৰাপ্য তোমালোকে প্ৰদান নকৰা, অথচ তোমালোকে সিহঁতক বিবাহ কৰিবলৈ আগ্ৰহী (নহয়)। লগতে অসহায় শিশুসকলৰ বিষয়ে বিধান এই যে, ন্যায়পৰায়ণতাৰ সৈতে তোমালোকে এতীমসকলক চোৱাচিতা কৰা। এতেকে (জানি থোৱা) তোমালোকে যি সৎকৰ্মই নকৰা কিয় নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত। info
التفاسير: