د قرآن کریم د معناګانو ژباړه - آسامي ژباړه - رفیق الاسلام حبیب الرحمن

د مخ نمبر:close

external-link copy
102 : 21

لَا یَسْمَعُوْنَ حَسِیْسَهَا ۚ— وَهُمْ فِیْ مَا اشْتَهَتْ اَنْفُسُهُمْ خٰلِدُوْنَ ۟ۚ

তেওঁলোকে জাহান্নামৰ ক্ষিণ শব্দও শুনা নাপাব, আৰু তাত তেওঁলোকে মনঃপুত বস্তুৰ মাজত চিৰকাল থাকিব। info
التفاسير:

external-link copy
103 : 21

لَا یَحْزُنُهُمُ الْفَزَعُ الْاَكْبَرُ وَتَتَلَقّٰىهُمُ الْمَلٰٓىِٕكَةُ ؕ— هٰذَا یَوْمُكُمُ الَّذِیْ كُنْتُمْ تُوْعَدُوْنَ ۟

মহা ভীতিয়েও তেওঁলোকক চিন্তিত নকৰিব আৰু ফিৰিস্তাসকলে তেওঁলোকক অভ্যৰ্থনা কৰিব এই বুলি যে, ‘এইটোৱে হৈছে তোমালোকৰ সেই দিৱস, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল’। info
التفاسير:

external-link copy
104 : 21

یَوْمَ نَطْوِی السَّمَآءَ كَطَیِّ السِّجِلِّ لِلْكُتُبِ ؕ— كَمَا بَدَاْنَاۤ اَوَّلَ خَلْقٍ نُّعِیْدُهٗ ؕ— وَعْدًا عَلَیْنَا ؕ— اِنَّا كُنَّا فٰعِلِیْنَ ۟

সেইদিনা আমি আকাশক মেৰিয়াই পেলাম, যেনেকৈ মেৰিওৱা হয় লিখিত দলীল-পত্ৰ। যিদৰে আমি প্ৰথমবাৰ সৃষ্টিৰ সূচনা কৰিছিলোঁ সেইদৰে পুনৰ সৃষ্টি কৰিম; এইটো আমাৰ কৃত প্ৰতিশ্ৰুতি, নিশ্চয় আমি সেয়া পালন কৰিমেই। info
التفاسير:

external-link copy
105 : 21

وَلَقَدْ كَتَبْنَا فِی الزَّبُوْرِ مِنْ بَعْدِ الذِّكْرِ اَنَّ الْاَرْضَ یَرِثُهَا عِبَادِیَ الصّٰلِحُوْنَ ۟

আৰু নিশ্চয় আমি উপদেশৰ পিছত যাবূৰত লিখি দিছোঁ যে, ‘কেৱল মোৰ সৎকৰ্মশীল বান্দাসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব’। info
التفاسير:

external-link copy
106 : 21

اِنَّ فِیْ هٰذَا لَبَلٰغًا لِّقَوْمٍ عٰبِدِیْنَ ۟ؕ

নিশ্চয় ইয়াত আছে ইবাদতকাৰী সম্প্ৰদায়ৰ বাবে পৰ্যাপ্ত বিষয়বস্তু। info
التفاسير:

external-link copy
107 : 21

وَمَاۤ اَرْسَلْنٰكَ اِلَّا رَحْمَةً لِّلْعٰلَمِیْنَ ۟

আৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছোঁ। info
التفاسير:

external-link copy
108 : 21

قُلْ اِنَّمَا یُوْحٰۤی اِلَیَّ اَنَّمَاۤ اِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ ۚ— فَهَلْ اَنْتُمْ مُّسْلِمُوْنَ ۟

কোৱা, ‘মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল একক ইলাহ। এতেকে তোমালোকে আত্মসমৰ্পণকাৰী হ’বানে?’ info
التفاسير:

external-link copy
109 : 21

فَاِنْ تَوَلَّوْا فَقُلْ اٰذَنْتُكُمْ عَلٰی سَوَآءٍ ؕ— وَاِنْ اَدْرِیْۤ اَقَرِیْبٌ اَمْ بَعِیْدٌ مَّا تُوْعَدُوْنَ ۟

তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তুমি কৈ দিয়া, ‘মই তোমালোকক যথাযথভাৱে জনাই দিছোঁ আৰু তোমালোকক যি বিষয়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, মই নাজানো সেয়া নিকটৱৰ্তী নে দূৰৱৰ্তী। info
التفاسير:

external-link copy
110 : 21

اِنَّهٗ یَعْلَمُ الْجَهْرَ مِنَ الْقَوْلِ وَیَعْلَمُ مَا تَكْتُمُوْنَ ۟

‘নিশ্চয় তেওঁ প্ৰকাশ্য কথা সম্পৰ্কেও জানে আৰু তোমালোকে যি গোপন কৰা সেয়াও জানে। info
التفاسير:

external-link copy
111 : 21

وَاِنْ اَدْرِیْ لَعَلَّهٗ فِتْنَةٌ لَّكُمْ وَمَتَاعٌ اِلٰی حِیْنٍ ۟

‘আৰু মই নাজানো হয়তো এইটো (বিলম্ব হোৱাটো) তোমালোকৰ বাবে এটা পৰীক্ষা, আৰু কিছুসময়ৰ বাবে জীৱনোপভোগৰ সুযোগ’। info
التفاسير:

external-link copy
112 : 21

قٰلَ رَبِّ احْكُمْ بِالْحَقِّ ؕ— وَرَبُّنَا الرَّحْمٰنُ الْمُسْتَعَانُ عَلٰی مَا تَصِفُوْنَ ۟۠

ৰাছুলে কৈছিল, ‘হে মোৰ প্ৰতিপালক! তুমি ন্যায়সঙ্গতভাৱে ফয়চালা কৰি দিয়া’, আৰু আমাৰ প্ৰতিপালক হৈছে দয়াময়, তোমালোকে যি সাব্যস্ত কৰিছা সেই বিষয়ে একমাত্ৰ সহায়স্থল কেৱল তেৱেঁই’। info
التفاسير: