د قرآن کریم د معناګانو ژباړه - آسامي ژباړه - رفیق الاسلام حبیب الرحمن

external-link copy
264 : 2

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُبْطِلُوْا صَدَقٰتِكُمْ بِالْمَنِّ وَالْاَذٰی ۙ— كَالَّذِیْ یُنْفِقُ مَالَهٗ رِئَآءَ النَّاسِ وَلَا یُؤْمِنُ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ؕ— فَمَثَلُهٗ كَمَثَلِ صَفْوَانٍ عَلَیْهِ تُرَابٌ فَاَصَابَهٗ وَابِلٌ فَتَرَكَهٗ صَلْدًا ؕ— لَا یَقْدِرُوْنَ عَلٰی شَیْءٍ مِّمَّا كَسَبُوْا ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْكٰفِرِیْنَ ۟

হে ঈমান্দাৰসকল! দানৰ কথা প্ৰচাৰ কৰি আৰু (দান গ্ৰহণকাৰীক) কষ্ট প্ৰদান কৰি তোমালোকে নিজৰ দানক সেই ব্যক্তিৰ দৰে নিষ্ফল নকৰিবা যিয়ে নিজৰ ধন-সম্পদ লোকক দেখুৱাবলৈ ব্যয় কৰে, লগতে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। ফলত তাৰ উপমা হৈছে এনেকুৱা এটা মসৃণ শিলৰ দৰে, যাৰ ওপৰত অলপ মাটি আছে, তাৰ পিছত ধাৰাষাৰ বৰষুণে সেইটোক পৰিষ্কাৰ কৰি দিয়ে। ইহঁতে যি উপাৰ্জন কৰিছে তাৰ একোৱেই নিজৰ কামত খটাবলৈ সক্ষম নহয়; আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে। info
التفاسير: