د قرآن کریم د معناګانو ژباړه - آسامي ژباړه - رفیق الاسلام حبیب الرحمن

external-link copy
240 : 2

وَالَّذِیْنَ یُتَوَفَّوْنَ مِنْكُمْ وَیَذَرُوْنَ اَزْوَاجًا ۖۚ— وَّصِیَّةً لِّاَزْوَاجِهِمْ مَّتَاعًا اِلَی الْحَوْلِ غَیْرَ اِخْرَاجٍ ۚ— فَاِنْ خَرَجْنَ فَلَا جُنَاحَ عَلَیْكُمْ فِیْ مَا فَعَلْنَ فِیْۤ اَنْفُسِهِنَّ مِنْ مَّعْرُوْفٍ ؕ— وَاللّٰهُ عَزِیْزٌ حَكِیْمٌ ۟

আৰু তোমালোকৰ মাজৰ যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে নিজৰ স্ত্ৰীসকলৰ বিষয়ে এই অছিয়ত কৰিব যে, তেওঁলোকক যেন সম্পূৰ্ণ এবছৰলৈকে ভৰণ-পোষণ দিয়া হয় আৰু যাতে ঘৰৰ পৰা উলিয়াই দিয়া নহয়। কিন্তু যদি সিহঁতে (নিজ ইচ্ছাতে) ওলাই যায়, তেন্তে বিধি মুতাবিক সিহঁতে নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নহয়; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়। info
التفاسير: