د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

د مخ نمبر:close

external-link copy
23 : 89

وَجِایْٓءَ یَوْمَىِٕذٍ بِجَهَنَّمَ ۙ۬— یَوْمَىِٕذٍ یَّتَذَكَّرُ الْاِنْسَانُ وَاَنّٰی لَهُ الذِّكْرٰی ۟ؕ

আৰু যিদিনাখন সত্তৰ হাজাৰ লেকামযুক্ত জাহান্নামক আনা হব, প্ৰত্যেক লেকামক সত্তৰ হাজাৰ ফিৰিস্তাই ধৰি টানি আনিব। সিদিনাখন মানুহে ভাৱিব যে, আল্লাহ সম্পৰ্কে কিমান অৱহেলা কৰিছিল। কিন্তু তেতিয়া স্মৰণ কৰিলে কোনো লাভ নহব, কিয়নো সেই দিন কৰ্মৰ নহয়, পৰিণামৰহে দিন হব। info
التفاسير:

external-link copy
24 : 89

یَقُوْلُ یٰلَیْتَنِیْ قَدَّمْتُ لِحَیَاتِیْ ۟ۚ

সি অতি লজ্জিত হৈ কবঃ যদি মই পৰকালৰ জীৱনৰ বাবে সত্কৰ্ম কৰিলোহেঁতন, যিটো প্ৰকৃততে বাস্তৱ জীৱন। info
التفاسير:

external-link copy
25 : 89

فَیَوْمَىِٕذٍ لَّا یُعَذِّبُ عَذَابَهٗۤ اَحَدٌ ۟ۙ

সিদিনা আল্লাহৰ শাস্তিৰ দৰে আন কোনো শাস্তি নাথাকিব, কিয়নো আল্লাহৰ শাস্তি অধিক কষ্টদায়ক আৰু চিৰ দিনলৈ বাকী থাকিব। info
التفاسير:

external-link copy
26 : 89

وَّلَا یُوْثِقُ وَثَاقَهٗۤ اَحَدٌ ۟ؕ

আৰু তেওঁ কাফিৰ সকলক যিদৰে হাতকড়িত আবদ্ধ কৰিব, তেনেকুৱা কোনেও আবদ্ধ কৰিব নোৱাৰিব। info
التفاسير:

external-link copy
27 : 89

یٰۤاَیَّتُهَا النَّفْسُ الْمُطْمَىِٕنَّةُ ۟ۗۙ

আনহাতে মুমিনসকলৰ আত্মাক মৃত্যুৰ সময়ত আৰু ক্বিয়ামতৰ দিনা কোৱা হবঃ হে ঈমান আৰু সত্কৰ্মৰ প্ৰতি সন্তুষ্ট আত্মা! info
التفاسير:

external-link copy
28 : 89

ارْجِعِیْۤ اِلٰی رَبِّكِ رَاضِیَةً مَّرْضِیَّةً ۟ۚ

তোমাৰ প্ৰতিপালকৰ ওচৰলৈ বলা, তুমি তাৰ পৰিপূৰ্ণ প্ৰতিদানৰ প্ৰতি সন্তুষ্ট হৈ আৰু তেওঁ তোমাৰ সত্কৰ্মৰ প্ৰতি সন্তুষ্ট হৈ। info
التفاسير:

external-link copy
29 : 89

فَادْخُلِیْ فِیْ عِبٰدِیْ ۟ۙ

তুমি মোৰ সৎ বান্দাহ সকলৰ অন্তৰ্ভুক্ত হৈ যোৱা। info
التفاسير:

external-link copy
30 : 89

وَادْخُلِیْ جَنَّتِیْ ۟۠

আৰু তেওঁলোকৰ সৈতে জান্নাতত প্ৰৱেশ কৰা, যাক মই তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছোঁ। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• عتق الرقاب، وإطعام المحتاجين في وقت الشدة، والإيمان بالله، والتواصي بالصبر والرحمة: من أسباب دخول الجنة.
দাস মুক্ত কৰা অভাৱৰ সময়ত দুখীয়াক খাদ্য দান কৰা, আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু এজনে আনজনক ধৈৰ্য ধাৰণ তথা দয়া কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা, জান্নাতত প্ৰৱেশৰ মাধ্যম। info

• من دلائل النبوة إخباره أن مكة ستكون حلالًا له ساعة من نهار.
এয়া নবীৰ নবুওৱতৰ এটা নিদৰ্শন আছিল যে, তেখেতে কৈছিল যে, মক্কাক এদিন কিছু সময়ৰ বাবে তেখেতৰ হকে বৈধ কৰা হব। info

• لما ضيق الله طرق الرق وسع طرق العتق، فجعل الإعتاق من القربات والكفارات.
যেতিয়া আল্লাহ তাআলাই দাসত্বৰ পথ সংকীৰ্ণ কৰি দিছে, লগতে দাসমুক্তিৰ পথ চাৰিওফালৰ পৰা খুলি দিয়া হৈছে। বৰং দাসমুক্তিক নেকি আৰু পাপ মোচনৰ মাধ্যম কৰা হৈছে। info