د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
26 : 38

یٰدَاوٗدُ اِنَّا جَعَلْنٰكَ خَلِیْفَةً فِی الْاَرْضِ فَاحْكُمْ بَیْنَ النَّاسِ بِالْحَقِّ وَلَا تَتَّبِعِ الْهَوٰی فَیُضِلَّكَ عَنْ سَبِیْلِ اللّٰهِ ؕ— اِنَّ الَّذِیْنَ یَضِلُّوْنَ عَنْ سَبِیْلِ اللّٰهِ لَهُمْ عَذَابٌ شَدِیْدٌۢ بِمَا نَسُوْا یَوْمَ الْحِسَابِ ۟۠

হে দাঊদ! নিশ্চয় আমি আপোনাক পৃথিৱীৰ বুকুত খলিফা বনাইছোঁ। যাতে আপুনি দ্বিনী আৰু দুনিয়াৱী উভয় প্ৰকাৰৰ সিদ্ধান্ত জাৰি কৰিব পাৰে। গতিকে আপুনি মানুহৰ মাজত ন্যায় মুতাবিক ফয়চালা কৰক। মানুহৰ মাজত মীমাংসা কৰাৰ সময়ত প্ৰবৃত্তিৰ অনুসৰণ নকৰিব। তথা আত্মীয়তা অথবা বন্ধুত্বৰ খাতিৰত এক পক্ষীয় মীমাংসা নকৰিব। নাইবা কাৰোবাৰ প্ৰতি শত্ৰুতা থকাৰ কাৰণে তাৰ প্ৰতি অন্যায় নকৰিব। এনেকুৱা প্ৰবৃত্তিৰ অনুসৰণে আপোনাক আল্লাহৰ সঠিক পথৰ পৰা আঁতৰাই দিব। যিসকলে মানুহক আল্লাহৰ সঠিক পথৰ পৰা বিভ্ৰান্ত কৰে, নিশ্চিতভাৱে সিহঁতৰ বাবে আছে কঠিন শাস্তি। কিয়নো সিহতে হিচাপ-নিকাচৰ দিৱসক পাহৰি আছিল। কাৰণ যদি সিহঁতে সেই দিৱসক স্মৰণ কৰিলেহেঁতেন তথা ভয় কৰিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে প্ৰবৃত্তিৰ অনুসৰণ নকৰিলেহেঁতেন। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• بيان فضائل نبي الله داود وما اختصه الله به من الآيات.
আল্লাহৰ নবী দাঊদ আলাইহিচ্ছালামৰ ফজিলত আৰু তেওঁ লাভ কৰা বিভিন্ন নিদৰ্শনৰ বৰ্ণনা। info

• الأنبياء - صلوات الله وسلامه عليهم - معصومون من الخطأ فيما يبلغون عن الله تعالى؛ لأن مقصود الرسالة لا يحصل إلا بذلك، ولكن قد يجري منهم بعض مقتضيات الطبيعة بنسيان أو غفلة عن حكم، ولكن الله يتداركهم ويبادرهم بلطفه.
আল্লাহে নবীসকলক যি পৌঁচাই দিবলৈ নিৰ্দেশ দিছে, সেইক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণৰূপে ত্ৰুটিমুক্ত। কিয়নো ইয়াৰ অবিহনে ৰিছালতৰ উদ্দেশ্য পূৰণ নহ’ব। যদিও মানৱ হিচাপে কেতিয়াবা কেতিয়াবা ভুলবশতঃ অথবা বিধানৰ পৰা অমনোযোগিতাৰ কাৰণে কিছুমান ভুল হোৱাটো স্বাভাৱিক। কিন্তু আল্লাহে নিজ অনুগ্ৰহৰে লগে লগে সেই বিষয়ে তেওঁক সাৱধান কৰি দিয়ে। info

• استدل بعض العلماء بقوله تعالى: ﴿ وَإِنَّ كَثِيرًا مِّنَ اْلْخُلَطَآءِ لَيَبْغِي بَعْضُهُمْ عَلَى بَعْضٍ ﴾ على مشروعية الشركة بين اثنين وأكثر.
কিছুমান উলামাই ﴿وَإِنَّ كَثِيرًا مِّنَ اْلْخُلَطَآءِ لَيَبْغِي بَعْضُهُمْ عَلَىٰ بَعْضٍ﴾ এই আয়াতৰ দ্বাৰা প্ৰমাণ লৈছে যে, দুজন অথবা দুজনতকৈ অধিক ব্যক্তিৰ মাজত অংশীদাৰিত্ব কৰাটো চৰিয়ত সন্মত। info

• ينبغي التزام الأدب في الدخول على أهل الفضل والمكانة.
উচ্চ-পদস্থ বিষয়াৰ লগত সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত শিষ্টাচাৰ অৱলম্বন কৰা অনিবাৰ্য। info