د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
45 : 21

قُلْ اِنَّمَاۤ اُنْذِرُكُمْ بِالْوَحْیِ ۖؗ— وَلَا یَسْمَعُ الصُّمُّ الدُّعَآءَ اِذَا مَا یُنْذَرُوْنَ ۟

হে ৰাছুল! আপুনি কওক, হে মানৱজাতি! মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সেই অহীৰ দ্বাৰা সতৰ্ক কৰোঁ, যি অহী মোৰ প্ৰতিপালকে মোৰ প্ৰতি প্ৰেৰণ কৰে। কিন্তু যিসকলে সত্য শুনাৰ যোগ্যতাৰ পৰা বঞ্চিত হৈছে, সেইসকল লোকক যেতিয়া সত্যৰ পৰা সতৰ্ক কৰা হয়, তেতিয়া সিহঁতে আমল কৰাৰ মানসিকতাৰে নুশুনে। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• نَفْع الإقرار بالذنب مشروط بمصاحبة التوبة قبل فوات أوانها.
গুনাহ স্বীকাৰ কৰাৰ উপকাৰ সেই সময়তে লাভদায়ক হয়, যেতিয়া সময় থাকোঁতে তাওবা কৰা হয়। info

• إثبات العدل لله، ونفي الظلم عنه.
আল্লাহৰ ক্ষেত্ৰত ন্যায় হৈছে সদায় ইতিবাচক, আৰু অন্যায়-অত্যাচাৰ হৈছে নেতিবাচক। info

• أهمية قوة الحجة في الدعوة إلى الله.
আল্লাহৰ প্ৰতি দাৱাতৰ ক্ষেত্ৰত, শক্তিশালী প্ৰমাণৰ গুৰুত্ব। info

• ضرر التقليد الأعمى.
অন্ধানুসৰণৰ ক্ষতিৰ বৰ্ণনা। info

• التدرج في تغيير المنكر، والبدء بالأسهل فالأسهل، فقد بدأ إبراهيم بتغيير منكر قومه بالقول والصدع بالحجة، ثم انتقل إلى التغيير بالفعل.
কুসংস্কাৰ দূৰ কৰিবলৈ লাহে ধীৰে কাম কৰা উচিত, প্ৰত্যেক পৰ্যায়ত সহজৰ পৰা আৰম্ভ কৰা উচিত। কিয়নো ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ মাজত থকা কুসংস্কাৰ দূৰ কৰিবলৈ প্ৰথমে বুজাইছিল, প্ৰমাণৰ দ্বাৰা সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰিছিল, তাৰ পিছতহে শক্তিৰ দ্বাৰা প্ৰতিৰোধ কৰাৰ পদক্ষেপ হাতত লৈছিল। info