ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߊߛߊ߯ߡߌߞߊ߲ ߘߟߊߡߌߘߊ - ߙߊ߬ߝߌ߯ߞ߫ߎ-ߟߑߌߛߑߟߊ߯ߡߌ߫ ߤ߭ߊ߬ߓߌ߯ߓߎ߫ ߚߊ߬ߤ߭ߑߡߊ߯ߣߌ߫ ߓߟߏ߫

ߞߐߜߍ ߝߙߍߕߍ:close

external-link copy
19 : 74

فَقُتِلَ كَیْفَ قَدَّرَ ۟ۙ

এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে? info
التفاسير:

external-link copy
20 : 74

ثُمَّ قُتِلَ كَیْفَ قَدَّرَ ۟ۙ

আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে? info
التفاسير:

external-link copy
21 : 74

ثُمَّ نَظَرَ ۟ۙ

তাৰ পিছত সি লক্ষ্য কৰিলে। info
التفاسير:

external-link copy
22 : 74

ثُمَّ عَبَسَ وَبَسَرَ ۟ۙ

তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে। info
التفاسير:

external-link copy
23 : 74

ثُمَّ اَدْبَرَ وَاسْتَكْبَرَ ۟ۙ

তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে। info
التفاسير:

external-link copy
24 : 74

فَقَالَ اِنْ هٰذَاۤ اِلَّا سِحْرٌ یُّؤْثَرُ ۟ۙ

তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’, info
التفاسير:

external-link copy
25 : 74

اِنْ هٰذَاۤ اِلَّا قَوْلُ الْبَشَرِ ۟ؕ

‘এয়াতো মানুহৰেই কথা’। info
التفاسير:

external-link copy
26 : 74

سَاُصْلِیْهِ سَقَرَ ۟

অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম। info
التفاسير:

external-link copy
27 : 74

وَمَاۤ اَدْرٰىكَ مَا سَقَرُ ۟ؕ

আৰু কিহে তোমাক জনাব ছাক্বাৰ কি? info
التفاسير:

external-link copy
28 : 74

لَا تُبْقِیْ وَلَا تَذَرُ ۟ۚ

ই তাক (জীৱিত থাকিবলৈও) অৱকাশ নিদিব আৰু (মৃত্যু হ’বলৈও) এৰি নিদিব। info
التفاسير:

external-link copy
29 : 74

لَوَّاحَةٌ لِّلْبَشَرِ ۟ۚ

ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব। info
التفاسير:

external-link copy
30 : 74

عَلَیْهَا تِسْعَةَ عَشَرَ ۟ؕ

ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)। info
التفاسير:

external-link copy
31 : 74

وَمَا جَعَلْنَاۤ اَصْحٰبَ النَّارِ اِلَّا مَلٰٓىِٕكَةً ۪— وَّمَا جَعَلْنَا عِدَّتَهُمْ اِلَّا فِتْنَةً لِّلَّذِیْنَ كَفَرُوْا ۙ— لِیَسْتَیْقِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَیَزْدَادَ الَّذِیْنَ اٰمَنُوْۤا اِیْمَانًا وَّلَا یَرْتَابَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَالْمُؤْمِنُوْنَ ۙ— وَلِیَقُوْلَ الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْكٰفِرُوْنَ مَاذَاۤ اَرَادَ اللّٰهُ بِهٰذَا مَثَلًا ؕ— كَذٰلِكَ یُضِلُّ اللّٰهُ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ؕ— وَمَا یَعْلَمُ جُنُوْدَ رَبِّكَ اِلَّا هُوَ ؕ— وَمَا هِیَ اِلَّا ذِكْرٰی لِلْبَشَرِ ۟۠

আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছোঁ; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপেই আমি সিহঁতৰ সংখ্যা উল্লেখ কৰিছোঁ, যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায়, আৰু যাতে মুমিনসকলে সন্দেহ পোষণ নকৰে; তথা যাতে ইয়াৰ ফলত যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা কৰে তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ। info
التفاسير:

external-link copy
32 : 74

كَلَّا وَالْقَمَرِ ۟ۙ

কেতিয়াও নহয়, চন্দ্ৰৰ শপত, info
التفاسير:

external-link copy
33 : 74

وَالَّیْلِ اِذْ اَدْبَرَ ۟ۙ

শপত ৰাতিৰ, যেতিয়া ইয়াৰ অৱসান ঘটে, info
التفاسير:

external-link copy
34 : 74

وَالصُّبْحِ اِذَاۤ اَسْفَرَ ۟ۙ

প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়- info
التفاسير:

external-link copy
35 : 74

اِنَّهَا لَاِحْدَی الْكُبَرِ ۟ۙ

নিশ্চয় জাহান্নাম হৈছে মহাবিপদসমূহৰ অন্যতম, info
التفاسير:

external-link copy
36 : 74

نَذِیْرًا لِّلْبَشَرِ ۟ۙ

মানুহৰ বাবে সতৰ্ককাৰী- info
التفاسير:

external-link copy
37 : 74

لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّتَقَدَّمَ اَوْ یَتَاَخَّرَ ۟ؕ

তোমালোকৰ মাজৰ যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে। info
التفاسير:

external-link copy
38 : 74

كُلُّ نَفْسٍ بِمَا كَسَبَتْ رَهِیْنَةٌ ۟ۙ

প্ৰত্যেক ব্যক্তি নিজৰ কৃতকৰ্মৰ বাবে দায়বদ্ধ, info
التفاسير:

external-link copy
39 : 74

اِلَّاۤ اَصْحٰبَ الْیَمِیْنِ ۟ؕۛ

কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে, info
التفاسير:

external-link copy
40 : 74

فِیْ جَنّٰتٍ ۛ۫— یَتَسَآءَلُوْنَ ۟ۙ

জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব, info
التفاسير:

external-link copy
41 : 74

عَنِ الْمُجْرِمِیْنَ ۟ۙ

অপৰাধীবিলাকৰ বিষয়ে, info
التفاسير:

external-link copy
42 : 74

مَا سَلَكَكُمْ فِیْ سَقَرَ ۟

কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে? info
التفاسير:

external-link copy
43 : 74

قَالُوْا لَمْ نَكُ مِنَ الْمُصَلِّیْنَ ۟ۙ

সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ, info
التفاسير:

external-link copy
44 : 74

وَلَمْ نَكُ نُطْعِمُ الْمِسْكِیْنَ ۟ۙ

‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলোঁ, info
التفاسير:

external-link copy
45 : 74

وَكُنَّا نَخُوْضُ مَعَ الْخَآىِٕضِیْنَ ۟ۙ

লগতে আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলোঁ। info
التفاسير:

external-link copy
46 : 74

وَكُنَّا نُكَذِّبُ بِیَوْمِ الدِّیْنِ ۟ۙ

আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলোঁ, info
التفاسير:

external-link copy
47 : 74

حَتّٰۤی اَتٰىنَا الْیَقِیْنُ ۟ؕ

অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’। info
التفاسير: