ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߊߛߊ߯ߡߌߞߊ߲ ߘߟߊߡߌߘߊ - ߙߊ߬ߝߌ߯ߞ߫ߎ-ߟߑߌߛߑߟߊ߯ߡߌ߫ ߤ߭ߊ߬ߓߌ߯ߓߎ߫ ߚߊ߬ߤ߭ߑߡߊ߯ߣߌ߫ ߓߟߏ߫

ߞߐߜߍ ߝߙߍߕߍ:close

external-link copy
12 : 19

یٰیَحْیٰی خُذِ الْكِتٰبَ بِقُوَّةٍ ؕ— وَاٰتَیْنٰهُ الْحُكْمَ صَبِیًّا ۟ۙ

‘হে ইয়াহয়া! তুমি কিতাবখন দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা,’ আৰু আমি তেওঁক শৈশৱতেই প্ৰজ্ঞা দান কৰিছিলোঁ, info
التفاسير:

external-link copy
13 : 19

وَّحَنَانًا مِّنْ لَّدُنَّا وَزَكٰوةً ؕ— وَكَانَ تَقِیًّا ۟ۙ

আৰু আমাৰ ফালৰ পৰা তেওঁক হৃদয়ৰ কোমলতা আৰু পৱিত্ৰতা দান কৰিছোঁ; আৰু তেওঁ আছিল এজন মুত্তাক্বী। info
التفاسير:

external-link copy
14 : 19

وَّبَرًّا بِوَالِدَیْهِ وَلَمْ یَكُنْ جَبَّارًا عَصِیًّا ۟

আৰু তেওঁ আছিল পিতৃ-মাতৃৰ প্ৰতি অনুগত, তথা তেওঁ অহংকাৰী, অবাধ্য নাছিল। info
التفاسير:

external-link copy
15 : 19

وَسَلٰمٌ عَلَیْهِ یَوْمَ وُلِدَ وَیَوْمَ یَمُوْتُ وَیَوْمَ یُبْعَثُ حَیًّا ۟۠

শান্তি তেওঁৰ ওপৰত অনিবাৰ্য, যিদিনা তেওঁ জন্ম লাভ কৰিছে, যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ’ব। info
التفاسير:

external-link copy
16 : 19

وَاذْكُرْ فِی الْكِتٰبِ مَرْیَمَ ۘ— اِذِ انْتَبَذَتْ مِنْ اَهْلِهَا مَكَانًا شَرْقِیًّا ۟ۙ

আৰু (হে ৰাছুল!) তুমি এই কিতাবত (উল্লিখিত) মাৰয়ামৰ কথা বৰ্ণনা কৰা, যেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গৰ পৰা পৃথক হৈ পূৱ দিশৰ এটা নিৰ্জন স্থানত আশ্ৰয় নিলে, info
التفاسير:

external-link copy
17 : 19

فَاتَّخَذَتْ مِنْ دُوْنِهِمْ حِجَابًا ۫— فَاَرْسَلْنَاۤ اِلَیْهَا رُوْحَنَا فَتَمَثَّلَ لَهَا بَشَرًا سَوِیًّا ۟

তাৰ পিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে। তেতিয়া আমি তেওঁৰ ওচৰলৈ আমাৰ ৰূহ (জীব্ৰীল)ক প্ৰেৰণ কৰিলোঁ, ফলত তেওঁ মাৰয়ামৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আহি আত্মপ্ৰকাশ কৰিলে। info
التفاسير:

external-link copy
18 : 19

قَالَتْ اِنِّیْۤ اَعُوْذُ بِالرَّحْمٰنِ مِنْكَ اِنْ كُنْتَ تَقِیًّا ۟

মাৰয়ামে ক’লে, ‘মই তোমাৰ পৰা ৰহমানৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, (আল্লাহক ভয় কৰা আৰু আঁতৰি যোৱা) যদি তুমি মুত্তাক্বী হোৱা’। info
التفاسير:

external-link copy
19 : 19

قَالَ اِنَّمَاۤ اَنَا رَسُوْلُ رَبِّكِ ۖۗ— لِاَهَبَ لَكِ غُلٰمًا زَكِیًّا ۟

তেওঁ ক’লে, ‘মইতো তোমাৰ প্ৰতিপালকৰ দূতহে, তোমাক এজন পৱিত্ৰ পুত্ৰ দান কৰাৰ বাবে আহিছোঁ’। info
التفاسير:

external-link copy
20 : 19

قَالَتْ اَنّٰی یَكُوْنُ لِیْ غُلٰمٌ وَّلَمْ یَمْسَسْنِیْ بَشَرٌ وَّلَمْ اَكُ بَغِیًّا ۟

মাৰয়ামে ক’লে, ‘মোৰ পুত্ৰ কেনেকৈ হ’ব যিহেতু মোক কোনো পুৰুষে স্পৰ্শই কৰা নাই আৰু মই ব্যভিচাৰিণীও নহয়’? info
التفاسير:

external-link copy
21 : 19

قَالَ كَذٰلِكِ ۚ— قَالَ رَبُّكِ هُوَ عَلَیَّ هَیِّنٌ ۚ— وَلِنَجْعَلَهٗۤ اٰیَةً لِّلنَّاسِ وَرَحْمَةً مِّنَّا ۚ— وَكَانَ اَمْرًا مَّقْضِیًّا ۟

তেওঁ ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; আৰু আমি তেওঁক এইকাৰণে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ; এইটো এটা সিদ্ধান্তকৃত বিষয়’। info
التفاسير:

external-link copy
22 : 19

فَحَمَلَتْهُ فَانْتَبَذَتْ بِهٖ مَكَانًا قَصِیًّا ۟

তাৰ পিছত মাৰয়ামে তেওঁক গৰ্ভত ধাৰণ কৰিলে আৰু সেই গৰ্ভসহ দূৰৱৰ্তী এডোখৰ ঠাইলৈ গুচি গ’ল; info
التفاسير:

external-link copy
23 : 19

فَاَجَآءَهَا الْمَخَاضُ اِلٰی جِذْعِ النَّخْلَةِ ۚ— قَالَتْ یٰلَیْتَنِیْ مِتُّ قَبْلَ هٰذَا وَكُنْتُ نَسْیًا مَّنْسِیًّا ۟

তাৰ পিছত প্ৰসৱ-বেদনাই তেওঁক এজোপা খেজুৰ গছৰ তলত আশ্ৰয় নিবলৈ বাধ্য কৰালে। তেওঁ ক’লে, ‘হায়, ইয়াৰ আগতেই যদি মই মৃত্যুবৰণ কৰিলোঁহেঁতেন আৰু মানুহৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে হেৰাই গ’লোঁহেঁতেন!’ info
التفاسير:

external-link copy
24 : 19

فَنَادٰىهَا مِنْ تَحْتِهَاۤ اَلَّا تَحْزَنِیْ قَدْ جَعَلَ رَبُّكِ تَحْتَكِ سَرِیًّا ۟

তেতিয়া তলৰ পৰা তেওঁ মাৰয়ামক মাতি ক’লে, ‘তুমি চিন্তা নকৰিবা, তোমাৰ পাদদেশত তোমাৰ প্ৰতিপালকে এটা নিজৰা সৃষ্টি কৰিছে; info
التفاسير:

external-link copy
25 : 19

وَهُزِّیْۤ اِلَیْكِ بِجِذْعِ النَّخْلَةِ تُسٰقِطْ عَلَیْكِ رُطَبًا جَنِیًّا ۟ؗ

আৰু তুমি খেজুৰ গছৰ কাণ্ড ধৰি জোকাৰি দিয়া, ই তোমাৰ ওপৰত তাজা পকা খেজুৰ পেলাব। info
التفاسير: