ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

ߞߐߜߍ ߝߙߍߕߍ:close

external-link copy
10 : 92

فَسَنُیَسِّرُهٗ لِلْعُسْرٰی ۟ؕ

তেন্তে আমি তাৰ বাবে বেয়া কাম সহজ কৰি দিম আৰু ভাল কাম কৰা জটিল কৰি দিম। info
التفاسير:

external-link copy
11 : 92

وَمَا یُغْنِیْ عَنْهُ مَالُهٗۤ اِذَا تَرَدّٰی ۟ؕ

যেতিয়া সি ধ্বংস হব আৰু জাহান্নামত প্ৰৱেশ কৰিব তেতিয়া তাৰ ধন-সম্পদ তাৰ কোনো কামত নাহিব, যাক সি কৃপণালি কৰি জমা কৰি ৰাখিছিল। info
التفاسير:

external-link copy
12 : 92

اِنَّ عَلَیْنَا لَلْهُدٰی ۟ؗۖ

কেৱল সত্য আৰু মিথ্যাৰ পথ পৰিচয় কৰাই দিয়াই আমাৰ দায়িত্ব। info
التفاسير:

external-link copy
13 : 92

وَاِنَّ لَنَا لَلْاٰخِرَةَ وَالْاُوْلٰی ۟

পাৰ্থিৱ আৰু পৰকালৰ জীৱন আমাৰ হাতত। আমি উভয়ৰ মাজত যি বিচাৰো পৰিৱৰ্তন কৰোঁ। আৰু এয়া আমাৰ অবিহনে আন কাৰো জৰিয়তে হব নোৱাৰে। info
التفاسير:

external-link copy
14 : 92

فَاَنْذَرْتُكُمْ نَارًا تَلَظّٰی ۟ۚ

হে মানৱ, যদি তোমালোকে আল্লাহক অৱজ্ঞা কৰা তেন্তে আমি তোমালোকক উত্তপ্ত জুইৰ পৰা সতৰ্ক কৰি দিছো। info
التفاسير:

external-link copy
15 : 92

لَا یَصْلٰىهَاۤ اِلَّا الْاَشْقَی ۟ۙ

যাৰ ভিতৰত কেৱল হতভাগ্য ব্যক্তিহে জ্বলিব অৰ্থাৎ কাফিৰ ব্যক্তি। info
التفاسير:

external-link copy
16 : 92

الَّذِیْ كَذَّبَ وَتَوَلّٰی ۟ؕ

যিয়ে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আনা সংবাদ অস্বীকাৰ কৰিছে আৰু আল্লাহৰ আজ্ঞা পালনৰ পৰা মুখ ঘূৰাই ফুৰিছে। info
التفاسير:

external-link copy
17 : 92

وَسَیُجَنَّبُهَا الْاَتْقَی ۟ۙ

আৰু ইয়াৰ পৰা পৰম মুত্তাক্বী ব্যক্তিক অৰ্থাৎ আবু বকৰ চিদ্দীক ৰাদ্বিয়াল্লাহু আনহুক বচাই লোৱা হব। info
التفاسير:

external-link copy
18 : 92

الَّذِیْ یُؤْتِیْ مَالَهٗ یَتَزَكّٰی ۟ۚ

যিয়ে তাৰ ধন সৎ পথত পাপৰ পৰা পবিত্ৰ হবলৈ দান কৰে। info
التفاسير:

external-link copy
19 : 92

وَمَا لِاَحَدٍ عِنْدَهٗ مِنْ نِّعْمَةٍ تُجْزٰۤی ۟ۙ

আৰু তেওঁ তাৰ ধন-সম্পদ এই কাৰণে ব্যয় নকৰে যে তাৰ প্ৰতি কাৰো অনুগ্ৰহ আছে, যাক আদায় কৰি আছে। info
التفاسير:

external-link copy
20 : 92

اِلَّا ابْتِغَآءَ وَجْهِ رَبِّهِ الْاَعْلٰی ۟ۚ

তেওঁ যি ধন ব্যয় কৰে ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে, তেওঁৰ প্ৰতিপালকৰ সন্তুষ্টি লাভ কৰা, যিজন নিজ সৃষ্টিতকৈ বহু ঊৰ্দ্ধত। info
التفاسير:

external-link copy
21 : 92

وَلَسَوْفَ یَرْضٰی ۟۠

আৰু তেওঁ নিশ্চয় সেই প্ৰচুৰ পৰিণামৰ প্ৰতি সন্তুষ্ট হৈ যাব, যিবোৰ আল্লাহ তাআলাই তেওঁক দান কৰিব। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• منزلة النبي صلى الله عليه وسلم عند ربه لا تدانيها منزلة.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যি মৰ্যদা আছে তেনেকুৱা মৰ্যদা আন কাৰো নাই। info

• شكر النعم حقّ لله على عبده.
অনুগ্ৰহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা, বান্দাৰ ওপৰত আল্লাহৰ অধিকাৰ। info

• وجوب الرحمة بالمستضعفين واللين لهم.
দূৰ্বল ব্যক্তিৰ প্ৰতি দয়া কৰা আৰু তাৰ লগত নম্ৰ ব্যৱহাৰ কৰা জৰুৰী। info