ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
19 : 8

اِنْ تَسْتَفْتِحُوْا فَقَدْ جَآءَكُمُ الْفَتْحُ ۚ— وَاِنْ تَنْتَهُوْا فَهُوَ خَیْرٌ لَّكُمْ ۚ— وَاِنْ تَعُوْدُوْا نَعُدْ ۚ— وَلَنْ تُغْنِیَ عَنْكُمْ فِئَتُكُمْ شَیْـًٔا وَّلَوْ كَثُرَتْ ۙ— وَاَنَّ اللّٰهَ مَعَ الْمُؤْمِنِیْنَ ۟۠

হে মুশ্বৰিকসকল! যদি তোমালোকে এইটো আবেদন কৰা যে, আল্লাহে পাপিষ্ঠ অত্যাচাৰীসকলৰ ওপৰত তেওঁৰ শাস্তি অৱতীৰ্ণ কৰক, তেন্তে জানি থোৱা, আল্লাহে সেই শাস্তি অৱতীৰ্ণ কৰিছে যিটো তোমালোকে বিচাৰি আছিলা। কিয়নো তেওঁ তোমালোকক এনেকুৱা শাস্তি প্ৰদান কৰিছে যিটো তোমালোকৰ বাবে শিক্ষাপ্ৰদ আৰু মুত্তাক্বীসকলৰ বাবে উপদেশ। যদি তোমালোকে এনেকুৱা আবেদন প্ৰত্যাহাৰ কৰা তেন্তে তোমালোকৰ বাবে কল্যাণ আছে। সম্ভৱতঃ আল্লাহে তোমালোকক অৱকাশ দিব আৰু শাস্তি প্ৰদানত খৰধৰ নকৰিব। আনহাতে পুনৰ যদি তোমালোকে তেনেকুৱা আবেদন তথা মুমিনসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচৰা তেন্তে আমি আকৌ তোমালোকক শাস্তিৰ সন্মুখীন কৰাম আৰু মুমিনসকলক বিজয় প্ৰদান কৰিম। তোমালোকৰ দল আৰু তোমালোকৰ সহায়ক যিমানেই ডাঙৰ নহওঁক কিয়, মুমিনসকল সংখ্যাত কম থকাৰ পিছতো সেইবোৰে তোমালোকৰ কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন মুমিনসকলৰ লগত আছে। যাৰ সমৰ্থনত আল্লাহ আছে তাক কোনেও পৰাজিত কৰিব নোৱাৰে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• من كان الله معه فهو المنصور وإن كان ضعيفًا قليلًا عدده، وهذه المعية تكون بحسب ما قام به المؤمنون من أعمال الإيمان.
যাৰ সহায়ত আল্লাহ আছে, তেৱেঁই বিজয়ী। যদিও তেওঁলোক দুৰ্বল হওঁক অথবা সংখ্যাত কম। এই সহায় সেই অনুপাতেই লাভ হয়, যি অনুপাতে মুমিনসকলে ঈমানৰ কৰ্মবোৰ সম্পাদন কৰে। info

• المؤمن مطالب بالأخذ بالأسباب المادية، والقيام بالتكليف الذي كلفه الله، ثم يتوكل على الله، ويفوض الأمر إليه، أما تحقيق النتائج والأهداف فهو متروك لله عز وجل.
মুমিনসকলে ভৌতিক সাধন অৱলম্বন কৰা উচিত, লগতে আল্লাহে প্ৰদান কৰা দায়িত্ববোৰ পালন কৰি তেওঁৰ ওপৰত ভৰসা কৰা উচিত, আৰু সকলো বিষয় তেওঁৰ ওপৰতেই অৰ্পন কৰা উচিত। আনহাতে পৰিণাম প্ৰদান আৰু উদ্দেশ্য পূৰণৰ দায়িত্ব হৈছে আল্লাহৰ। info

• في الآيات دليل على أن الله تعالى لا يمنع الإيمان والخير إلا عمَّن لا خير فيه، وهو الذي لا يزكو لديه هذا الإيمان ولا يثمر عنده.
এই আয়াতসমূহৰ দ্বাৰা এই কথা প্ৰমাণিত হয় যে, আল্লাহে ঈমান আৰু কল্যাণৰ পৰা কেৱল সেইসকল লোককেই বঞ্চিত কৰে, যিসকলৰ মাজত কোনো কল্যাণ নাই। এইবোৰেই হৈছে সেই দুৰ্ভগীয়া, যিবোৰক এই ঈমানে কোনো উপকাৰ নকৰে। info

• على العبد أن يكثر من الدعاء: يا مقلب القلوب ثبِّت قلبي على دينك، يا مُصرِّف القلوب اصرف قلبي إلى طاعتك.
বান্দাসকলে এই দুআ বেছি বেছি পাঠ কৰা উচিত,يا مقلب القلوب ثبِّت قلبي على دينك، يا مُصرِّف القلوب اصرف قلبي إلى طاعتك. (হে অন্তৰ পৰিবৰ্তনকাৰী! মোৰ অন্তৰক তোমাৰ দ্বীনৰ ওপৰত দৃঢ় ৰাখিবা, হে অন্তৰৰ গতি সঞ্চালক! মোৰ অন্তৰক তোমাৰ আনুগত্যৰ পিনে গতি কৰাই দিয়া।) info

• أَمَرَ الله المؤمنين ألا يُقِرُّوا المنكر بين أظهرهم فيعُمَّهم العذاب.
আল্লাহে মুমিনসকলক আদেশ দিছে যে, তেওঁলোকে যেন নিজৰ মাজত অপকৰ্ম প্ৰসাৰিত হোৱা দেখিও মৌন হৈ নাথাকে, অন্যথা তেওঁলোকেও শাস্তি ভোগ কৰিব লাগিব। info