ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
26 : 5

قَالَ فَاِنَّهَا مُحَرَّمَةٌ عَلَیْهِمْ اَرْبَعِیْنَ سَنَةً ۚ— یَتِیْهُوْنَ فِی الْاَرْضِ ؕ— فَلَا تَاْسَ عَلَی الْقَوْمِ الْفٰسِقِیْنَ ۟۠

আল্লাহে নবী মুছা আলাইহিছ ছালামক কলে যে, আল্লাহে বনী ইছৰাঈলৰ বাবে চল্লিশ বছৰলৈকে সেই পৱিত্ৰ ভূমিত প্ৰৱেশ নিষিদ্ধ কৰিছে। এই সময়ছোৱাত সিহঁতে মৰুভূমিৰ মাজতে ঘূৰি ফুৰিব লাগিব। এতেকে হে মুছা! আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱা লোকসকলৰ বাবে আপুনি অনুতপ্ত নহ'ব। কিয়নো সিহঁতে যি শাস্তি পাইছে সেয়া সিহঁতৰ কৰ্মৰ বাবেহে পাইছে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• مخالفة الرسل توجب العقاب، كما وقع لبني إسرائيل؛ إذ عاقبهم الله تعالى بالتِّيه.
ৰাছুলৰ বিৰুদ্ধাচাৰণৰ ফলত আল্লাহৰ শাস্তি অৱধাৰিত হয়। যিদৰে বনী ইছৰাঈলৰ লগত হৈছিল, যেতিয়া আল্লাহে সিহঁতক তীহ ময়দামত বিচৰণৰ শাস্তি দিছিল। info

• قصة ابني آدم ظاهرها أن أول ذنب وقع في الأرض - في ظاهر القرآن - هو الحسد والبغي، والذي أدى به للظلم وسفك الدم الحرام الموجب للخسران.
আদম আলাইহিছ ছালামৰ দুয়ো পুত্ৰৰ ঘটনাৰ দ্বাৰা এইটো বুজা গল যে, পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম যিটো পাপ হৈছিল সেয়া হৈছে বিদ্বেষ তথা অন্যায়। এতেকে যিয়ে অন্যায় কৰিব আৰু অন্যায়ভাৱে ৰক্তপাত কৰিব, সি নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত। info

• الندامة عاقبة مرتكبي المعاصي.
পাপীৰ শাস্তি হৈছে অনুতাপ। info

• أن من سَنَّ سُنَّة قبيحة أو أشاع قبيحًا وشجَّع عليه، فإن له مثل سيئات من اتبعه على ذلك.
যিয়ে কোনো পাপ কৰ্মৰ প্ৰৱৰ্তন ঘটাব অথবা তাৰ প্ৰেৰণা দিব, সিও সিমানেই অংশীদাৰ হ'ব যিসকলে ইয়াৰ ওপৰত আমল কৰিব। info