ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
45 : 39

وَاِذَا ذُكِرَ اللّٰهُ وَحْدَهُ اشْمَاَزَّتْ قُلُوْبُ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ ۚ— وَاِذَا ذُكِرَ الَّذِیْنَ مِنْ دُوْنِهٖۤ اِذَا هُمْ یَسْتَبْشِرُوْنَ ۟

যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয়, তেতিয়া সেইসকল মুশ্বৰিকৰ অন্তৰ সংকীৰ্ণ হৈ পৰে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে তথা পুনৰুত্থান, হিচাপ-নিকাচ আৰু প্ৰতিদানকো বিশ্বাস নকৰে। পক্ষান্তৰে যেতিয়া সেই মূৰ্ত্তিবোৰৰ বিষয়ে উল্লেখ কৰা হয় যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে, তেতিয়া সিহঁত আনন্দিত হৈ পৰে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• النوم والاستيقاظ درسان يوميان للتعريف بالموت والبعث.
টোপনি আৰু টোপনিৰ পৰা সাৰ পোৱা, এই দুটা হৈছে মৃত্যু আৰু আখিৰাতৰ জীৱনৰ বাবে দিয়া দৈনিক অধিসূচনা। info

• إذا ذُكِر الله وحده عند الكفار أصابهم ضيق وهمّ؛ لأنهم يتذكرون ما أمر به وما نهى عنه وهم معرضون عن هذا كله.
কাফিৰসকলৰ সন্মুখত যেতিয়া একমাত্ৰ আল্লাহৰ বৰ্ণনা কৰা হয় তেতিয়া সিহঁতৰ অন্তৰ সংকীৰ্ণ হৈ পৰে আৰু সিহঁত শোকবিহ্বল হৈ পৰে। কিয়নো তেতিয়া আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধকৃত বিষয়বোৰ সিহঁতৰ মনত পৰি যায়, অথচ সেইবোৰৰ পৰা সিহঁত বিমুখ হৈ আছে। info

• يتمنى الكافر يوم القيامة افتداء نفسه بكل ما يملك مع بخله به في الدنيا، ولن يُقْبل منه.
কিয়ামতৰ দিনা কাফিৰসকলে নিজকে শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ বিনিময় হিচাপে সিহঁতৰ সকলো মূল্যৱান বস্তু মুক্তিপণ হিচাপে দিব বিচাৰিব, অথচ পৃথিৱীত সিহঁতে সেইবোৰকলৈ কৃপণালী কৰিছিল। তথাপিও সিহঁতৰ পৰা সেইবোৰ গ্ৰহণ কৰা নহ’ব। info