ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
193 : 3

رَبَّنَاۤ اِنَّنَا سَمِعْنَا مُنَادِیًا یُّنَادِیْ لِلْاِیْمَانِ اَنْ اٰمِنُوْا بِرَبِّكُمْ فَاٰمَنَّا ۖۗ— رَبَّنَا فَاغْفِرْ لَنَا ذُنُوْبَنَا وَكَفِّرْ عَنَّا سَیِّاٰتِنَا وَتَوَفَّنَا مَعَ الْاَبْرَارِ ۟ۚ

হে আমাৰ প্ৰতিপালক! আমি এজন আহ্বায়কক (অৰ্থাৎ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক) এই বুলি আহ্বান কৰা শুনিছো, তোমালোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, তেৱেঁই তোমালোকৰ একমাত্ৰ ৰব্ব। এতেকে আমি তেওঁৰ কথা মানিছো আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমল কৰিছো। তুমি আমাৰ পাপসমূহ গোপনে ৰাখিবা আৰু আমাক অপমানিত নকৰিবা, লগতে আমাৰ ভুল-ত্ৰুটিবোৰ ক্ষমা কৰা আৰু সেই বিষয়ে আমাক সোধ-পোছ নকৰিবা। লগতে আমাক ভাল কাম কৰিবলৈ আৰু বেয়া কৰ্মৰ পৰা বিৰত থকাৰ তাওফীক প্ৰদান কৰি আমাক সৎলোকৰ লগত মৃত্যু প্ৰদান কৰা। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• من صفات علماء السوء من أهل الكتاب: كتم العلم، واتباع الهوى، والفرح بمدح الناس مع سوء سرائرهم وأفعالهم.
আহলে কিতাবসকলৰ বেয়া বিদ্যানসকলৰ কিছুমান বৈশিষ্ট্য এই যে, জ্ঞান গোপন কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ কৰা লগতে সিহঁতৰ অন্তৰাত্মা তথা কৰ্ম বেয়া হোৱা সত্ত্বেও মানুহৰ প্ৰশংসাত আনন্দিত হয়। info

• التفكر في خلق الله تعالى في السماوات والأرض وتعاقب الأزمان يورث اليقين بعظمة الله وكمال الخضوع له عز وجل.
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি তথা সময়ৰ আৱৰ্তন সম্পৰ্কে চিন্তা-চৰ্চা কৰিলে আল্লাহৰ মহানতাৰ প্ৰতি বিশ্বাস আৰু পূৰ্ণ সমৰ্পণৰ ভাৱনা সৃষ্টি হয়। info

• دعاء الله وخضوع القلب له تعالى من أكمل مظاهر العبودية.
আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা আৰু তেওঁৰ সন্মুখত আন্তৰিকতাৰে শিৰ নত কৰা, ভক্তিৰ সম্পূৰ্ণ দৃশ্যৰ অন্যতম। info