ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
49 : 28

قُلْ فَاْتُوْا بِكِتٰبٍ مِّنْ عِنْدِ اللّٰهِ هُوَ اَهْدٰی مِنْهُمَاۤ اَتَّبِعْهُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟

হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়ক, তোমালোকৰ দাবী অনুসৰি তাওৰাত আৰু কোৰআন যদি সঁচাই যাদু হয়, এতেকে তোমালোকে যদি নিজৰ এই দাবীত সত্যবাদী হোৱা তেন্তে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ এনেকুৱা এখন গ্ৰন্থ লৈ অহা, যি গ্ৰন্থই কোৰআন আৰু তাওৰাততকৈ অধিক সত্যৰ পথ দেখুৱাব। যদি তোমালোকে এনেকুৱা গ্ৰন্থ লৈ আহিব পাৰা তেন্তে ময়ো সেই গ্ৰন্থৰ অনুসৰণ কৰিম। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• نفي علم الغيب عن رسول الله صلى الله عليه وسلم إلَّا ما أطلعه الله عليه.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ গায়েব সম্পৰ্কে একো জ্ঞান নাছিল। আনহাতে সেইবোৰ সুকীয়া কথা, যিবোৰ বিষয়ে স্বয়ং আল্লাহে তেওঁক অৱগত কৰিছে। info

• اندراس العلم بتطاول الزمن.
সময় অতিবাহিত হোৱাৰ লগে লগে জ্ঞান হ্ৰাস পাই থাকে। info

• تحدّي الكفار بالإتيان بما هو أهدى من وحي الله إلى رسله.
কাফিৰসকলক এই প্ৰত্যাহ্বান দিয়া হৈছে যে, তোমালোকে এনেকুৱা এখন গ্ৰন্থ লৈ অহা, যিখন গ্ৰন্থ ৰাছুলসকলে লৈ অহা গ্ৰন্থতকৈ অধিক সঠিক পথ দেখুৱাব। info

• ضلال الكفار بسبب اتباع الهوى، لا بسبب اتباع الدليل.
কাফিৰসকল পথভ্ৰষ্ট হোৱাৰ অন্যতম কাৰণ হৈছে দলিল-প্ৰমাণৰ বিপৰীতে চাহিদাৰ অনুসৰণ কৰা। info