ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
55 : 16

لِیَكْفُرُوْا بِمَاۤ اٰتَیْنٰهُمْ ؕ— فَتَمَتَّعُوْا ۫— فَسَوْفَ تَعْلَمُوْنَ ۟

আল্লাহৰ লগত শ্বিৰ্ক কৰাৰ ফলত সিহঁতে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰিছে, তেওঁৰ নিয়ামতসমূহৰ অন্যতম হৈছে, বিপদ-আপদ দূৰ কৰা। সেই কাৰণে সিহঁতক কোৱা হৈছেঃ তোমালোকক যি নিয়ামত দান কৰা হৈছে, সেইবোৰ কিছুসময় উপভোগ কৰা, কাৰণ তোমালোকৰ ওপৰত আগতীয়াকৈ হওক অথবা পলমকৈ আল্লাহৰ আযাব আহিবই। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• من جهالات المشركين: نسبة البنات إلى الله تعالى، ونسبة البنين لأنفسهم، وأَنفَتُهم من البنات، وتغيّر وجوههم حزنًا وغمَّا بالبنت، واستخفاء الواحد منهم وتغيبه عن مواجهة القوم من شدّة الحزن وسوء الخزي والعار والحياء الذي يلحقه بسبب البنت.
মুশ্বৰিকসকলৰ মুৰ্খতাৰ এটা প্ৰমাণ এই যে, সিহঁতে আল্লাহৰ কন্যা সন্তান আছে বুলি দাবী কৰে। কিন্তু নিজৰ বাবে পুত্ৰ সন্তানক প্ৰাধান্য দিয়ে। সিহঁতে কন্যা সন্তানৰ পৰা পলায়ন কৰে, আৰু কন্যা সন্তানৰ খবৰ পালে সিহঁতৰ মুখমণ্ডলৰ ৰং পৰিবৰ্তন হৈ যায়। দুশ্চিন্তাই সিহঁতৰ মুখ ছানি ধৰে। লাজত সিহঁতে মানুহৰ পৰা আত্মগোপন কৰে। info

• من سنن الله إمهال الكفار وعدم معاجلتهم بالعقوبة ليترك الفرصة لهم للإيمان والتوبة.
আল্লাহৰ এটা সাধাৰণ নিয়ম হৈছে, তেওঁ কাফিৰসকলক অৱকাশ দিয়ে আৰু শাস্তি প্ৰদানত খৰধৰ নকৰে, যাতে সিহঁতে ঈমান পোষণ কৰাৰ আৰু তাওবা কৰাৰ সুবিধা পায়। info

• مهمة النبي صلى الله عليه وسلم الكبرى هي تبيان ما جاء في القرآن، وبيان ما اختلف فيه أهل الملل والأهواء من الدين والأحكام، فتقوم الحجة عليهم ببيانه.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গুৰুত্বপূৰ্ণ ভূমিকাটো হৈছে কোৰআনৰ ব্যাখ্যা কৰা, লগতে বিভিন্ন সম্প্ৰদায়ৰ মাজত থকা দ্বীন আৰু বিধি-বিধান সম্পৰ্কীয় মতভেদসমূহৰ সঠিক সমাধান দাঙি ধৰা। যাতে এই স্পষ্টীকৰণৰ পিছত সিহঁতৰ বাবে কোনো অজুহাত দাঙি ধৰাৰ সুযোগ নাথাকে। info