पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद ।

আল-মুদ্দাচ্ছিৰ

सूरहका अभिप्रायहरूमध्ये:
الأمر بالاجتهاد في دعوة المكذبين، وإنذارهم بالآخرة والقرآن.
অস্বীকাৰকাৰীসকলক আহ্বান কৰাৰ ক্ষেত্ৰত অধ্যাৱসায়ৰ নিৰ্দেশ দিছে আৰু সিহঁতক কোৰআন আৰু আখিৰাতৰ দ্বাৰা সাৱধান কৰিবলৈ নিৰ্দেশ দিছে। info

external-link copy
1 : 74

یٰۤاَیُّهَا الْمُدَّثِّرُ ۟ۙ

হে বস্ত্ৰাবৃত ব্যক্তি, অৰ্থাৎ হে নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম। info
التفاسير:

external-link copy
2 : 74

قُمْ فَاَنْذِرْ ۟ۙ

উঠক আৰু আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰক। info
التفاسير:

external-link copy
3 : 74

وَرَبَّكَ فَكَبِّرْ ۟ۙ

আৰু নিজ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষনা কৰক। info
التفاسير:

external-link copy
4 : 74

وَثِیَابَكَ فَطَهِّرْ ۟ۙ

আৰু নিজকে পাপসমূহৰ পৰা পৱিত্ৰ কৰক, লগতে ময়লা-আৱৰ্জনাৰ পৰা কাপোৰ পৱিত্ৰ ৰাখক। info
التفاسير:

external-link copy
5 : 74

وَالرُّجْزَ فَاهْجُرْ ۟ۙ

আৰু মূৰ্তিসমূহৰ পূজাৰ পৰা বিৰত থাকক। info
التفاسير:

external-link copy
6 : 74

وَلَا تَمْنُنْ تَسْتَكْثِرُ ۟ۙ

আৰু প্ৰতিপালকৰ ওচৰত এই বুলি অনুগ্ৰহ নিবিচাৰিব যে, আপুনি অধিক নেক আমল কৰিছে। info
التفاسير:

external-link copy
7 : 74

وَلِرَبِّكَ فَاصْبِرْ ۟ؕ

সমস্যাৰ সন্মুখীন হলে আল্লাহৰ বাবে ধৈৰ্য ধাৰণ কৰক। info
التفاسير:

external-link copy
8 : 74

فَاِذَا نُقِرَ فِی النَّاقُوْرِ ۟ۙ

যেতিয়া শিঙাত দ্বিতীয়বাৰ ফুঁ দিয়া হ'ব। info
التفاسير:

external-link copy
9 : 74

فَذٰلِكَ یَوْمَىِٕذٍ یَّوْمٌ عَسِیْرٌ ۟ۙ

এতেকে সেইদিনটো হ'ব, বহুত কঠিন দিন। info
التفاسير:

external-link copy
10 : 74

عَلَی الْكٰفِرِیْنَ غَیْرُ یَسِیْرٍ ۟

আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে সহজ নহয়। info
التفاسير:

external-link copy
11 : 74

ذَرْنِیْ وَمَنْ خَلَقْتُ وَحِیْدًا ۟ۙ

হে ৰাছুল, মোক আৰু সেই ব্যক্তিক এৰি দিয়ক, যাক মই তাৰ মাকৰ গৰ্ভত অকলশৰীয়াকৈ সৃষ্টি কৰিছো। তেতিয়া তাৰ কোনো ধন নাছিল, সন্তানো নাছিল। (ইয়াত অলীদ বিন মুগীৰাক উদ্দেশ্য কৰা হৈছে।) info
التفاسير:

external-link copy
12 : 74

وَّجَعَلْتُ لَهٗ مَالًا مَّمْدُوْدًا ۟ۙ

আৰু তাক অত্যাধিক ধন-সম্পদ প্ৰদান কৰিছো। info
التفاسير:

external-link copy
13 : 74

وَّبَنِیْنَ شُهُوْدًا ۟ۙ

আৰু তাক এনেকুৱা পুত্ৰ দিছো, যিসকল তাৰ লগত উপস্থিত থাকে আৰু সভাতো অংশগ্ৰহণ কৰে। তাক কোনো যাত্ৰাৰ বাবে অকলে নেৰে। কিয়নো তাৰ ওচৰত ধনৰ কোনো অভাৱ নাছিল। info
التفاسير:

external-link copy
14 : 74

وَّمَهَّدْتُّ لَهٗ تَمْهِیْدًا ۟ۙ

আৰু তাক সুখময় জীৱন, প্ৰচুৰ পৰিমাণৰ জীৱিকা আৰু সন্তান প্ৰদান কৰিছো। info
التفاسير:

external-link copy
15 : 74

ثُمَّ یَطْمَعُ اَنْ اَزِیْدَ ۟ۙ

সি মোৰ লগত কুফুৰী কৰাৰ পিছতো এই আশা কৰে যে, মই তাক আৰু অধিক প্ৰদান কৰিম। যদিও তাক মই বহুত দিছো। info
التفاسير:

external-link copy
16 : 74

كَلَّا ؕ— اِنَّهٗ كَانَ لِاٰیٰتِنَا عَنِیْدًا ۟ؕ

ঘটনাটো তেনেকুৱা নহয় যিদৰে ভাবিছে। সি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আমাৰ আয়াত সমূহৰ শত্ৰু আৰু সেইবোৰৰ অস্বীকাৰকাৰী। info
التفاسير:

external-link copy
17 : 74

سَاُرْهِقُهٗ صَعُوْدًا ۟ؕ

শীঘ্ৰে মই তাক শাস্তিৰ এনেকুৱা বেদনাত নিক্ষেপ কৰিম। যিটো সি সহ্য কৰিব নোৱাৰিব। info
التفاسير:

external-link copy
18 : 74

اِنَّهٗ فَكَّرَ وَقَدَّرَ ۟ۙ

এই কাফিৰ, যাক মই সকলো ধৰণৰ নিয়ামত প্ৰদান কৰিছো, সি এই কোৰআনক ভুল প্ৰমান কৰিবলৈ কি কব লাগে সেয়া চিন্তা কৰিছে আকৌ অন্তৰত তাৰ নিৰ্ণয় কৰিছে। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• المشقة تجلب التيسير.
কঠিনতাই সৰলতা আনে। info

• وجوب الطهارة من الخَبَث الظاهر والباطن.
প্ৰকাশ্য অপ্ৰকাশ্য সকলো ধৰণৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ হোৱা জৰুৰী। info

• الإنعام على الفاجر استدراج له وليس إكرامًا.
পাপিষ্টই পোৱা অনুগ্ৰহ, সন্মান স্বৰূপ নহয় বৰং সিহঁতক ঢিল দিয়াৰ উদ্দেশ্যে দিয়া হয়। info

external-link copy
19 : 74

فَقُتِلَ كَیْفَ قَدَّرَ ۟ۙ

এতেকে তাৰ প্ৰতি অভিশাপ আৰু সি ধ্বংস হওক, সি কেনেকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে? info
التفاسير:

external-link copy
20 : 74

ثُمَّ قُتِلَ كَیْفَ قَدَّرَ ۟ۙ

আকৌ তাৰ প্ৰতি অভিশাপ আৰু সি ধ্বংস হওক, সি কেনেকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে? info
التفاسير:

external-link copy
21 : 74

ثُمَّ نَظَرَ ۟ۙ

তাৰ পিছত সি পুনৰ বিচাৰ কৰিলে। আৰু সি কোৱা কথাবোৰ ভাৱি চিন্তি চালে। info
التفاسير:

external-link copy
22 : 74

ثُمَّ عَبَسَ وَبَسَرَ ۟ۙ

তাৰ পিছত যেতিয়া কোৰআনত কোনো ভুল ধৰিবলৈ কোনো উপায় নাপালে তেতিয়া তাৰ মুখ বিকৃত কৰিলে আৰু ভ্ৰুঁ কোচ খোৱালে। info
التفاسير:

external-link copy
23 : 74

ثُمَّ اَدْبَرَ وَاسْتَكْبَرَ ۟ۙ

তাৰ পিছত সি ঈমানৰ পৰা উভতিলে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ পৰা অহংকাৰ কৰিলে। info
التفاسير:

external-link copy
24 : 74

فَقَالَ اِنْ هٰذَاۤ اِلَّا سِحْرٌ یُّؤْثَرُ ۟ۙ

তাৰ পিছত কলেঃ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি আনিছে সেয়া আল্লাহৰ বাণী নহয়। বৰং এয়া এক যাদু যিটো আন কাৰোবাৰ পৰা নকল কৰিছে। info
التفاسير:

external-link copy
25 : 74

اِنْ هٰذَاۤ اِلَّا قَوْلُ الْبَشَرِ ۟ؕ

এয়া আল্লাহৰ বাণী নহয় বৰং এয়াতো মানুহৰ বাণী। info
التفاسير:

external-link copy
26 : 74

سَاُصْلِیْهِ سَقَرَ ۟

মই অনতিপলমে তাক জাহান্নামৰ এটা স্থান অৰ্থাৎ ছাক্বাৰত প্ৰৱেশ কৰাম, য'ত সি জ্বলি থাকিব। info
التفاسير:

external-link copy
27 : 74

وَمَاۤ اَدْرٰىكَ مَا سَقَرُ ۟ؕ

হে মুহাম্মদ, আপোনাক কিহে কব যে ছাক্বাৰ কি? info
التفاسير:

external-link copy
28 : 74

لَا تُبْقِیْ وَلَا تَذَرُ ۟ۚ

তাৰ ভিতৰত নিক্ষেপ কৰা কোনো বস্তুৰ একোৱে অৱশিষ্ট নাৰাখিব বৰং নিঃশেষ কৰি পেলাব। আকৌ সি পূৰ্বৰ দৰে হব, আকৌ তাক নিঃশেষ কৰা হ'ব। এই ধাৰাবাহিকতা চলি থাকিব। info
التفاسير:

external-link copy
29 : 74

لَوَّاحَةٌ لِّلْبَشَرِ ۟ۚ

ই ছাল একেবাৰে জ্বলাই পেলাব আৰু তাক পৰিৱৰ্তন কৰি পেলাব। info
التفاسير:

external-link copy
30 : 74

عَلَیْهَا تِسْعَةَ عَشَرَ ۟ؕ

ইয়াৰ (ছাক্বাৰৰ) তত্ত্বাৱধানত আৰু সংৰক্ষণৰ বাবে ঊনৈশজন ফিৰিস্তা নিযুক্ত আছে। info
التفاسير:

external-link copy
31 : 74

وَمَا جَعَلْنَاۤ اَصْحٰبَ النَّارِ اِلَّا مَلٰٓىِٕكَةً ۪— وَّمَا جَعَلْنَا عِدَّتَهُمْ اِلَّا فِتْنَةً لِّلَّذِیْنَ كَفَرُوْا ۙ— لِیَسْتَیْقِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَیَزْدَادَ الَّذِیْنَ اٰمَنُوْۤا اِیْمَانًا وَّلَا یَرْتَابَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَالْمُؤْمِنُوْنَ ۙ— وَلِیَقُوْلَ الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْكٰفِرُوْنَ مَاذَاۤ اَرَادَ اللّٰهُ بِهٰذَا مَثَلًا ؕ— كَذٰلِكَ یُضِلُّ اللّٰهُ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ؕ— وَمَا یَعْلَمُ جُنُوْدَ رَبِّكَ اِلَّا هُوَ ؕ— وَمَا هِیَ اِلَّا ذِكْرٰی لِلْبَشَرِ ۟۠

আৰু আমি জাহান্নামৰ ৰক্ষক হিচাপে কেৱল ফিৰিস্তাসকলকেই নিযুক্ত কৰিছোঁ। যাৰ সৈতে প্ৰতিদ্বন্দিতা কৰাৰ ক্ষমতা মানুহৰ নাই। আৰু আমি তেওঁলোকৰ এই সংখ্যা কেৱল আল্লাহক অস্বীকাৰ কৰা লোকসকলক পৰীক্ষা কৰিবলৈহে নিৰ্ধাৰণ কৰিছোঁ। যাতে সিহঁতে এনেকুৱা কথা কৈ থাকে আৰু সিহঁতৰ শাস্তি বৃদ্ধি হৈ থাকে। আৰু ইহুদীসকল, যিসকলক তাওৰাত দিয়া হৈছিল আৰু খৃষ্টানসকল যিসকলক ইঞ্জিল দিয়া হৈছিল, কোৰআনৰ জৰিয়তে যাতে সিহঁতৰ কিতাপসমূহৰ সত্যতাৰ প্ৰতি বিশ্বাস আহে। আৰু ইহুদী, খৃষ্টানসকলৰ সহমতৰ পিছত মুমিনসকলৰ বিশ্বাস আৰু বৃদ্ধি হয়। আৰু ইহুদী, খৃষ্টান আৰু মুমিনসকলে যাতে কোনো সন্দেহত লিপ্ত নহয়। আৰু যাতে কাফিৰ আৰু মুৰতাদ বিলাকে কয়ঃ আল্লাহ এই বিচিত্ৰ সংখ্যাৰে ( ঊনৈশ) কি বুজাব বিচাৰিছে?। যিদৰে এই সংখ্যাৰে অস্বীকাৰকাৰী বিলাকক পথভ্ৰষ্ট কৰা হৈছে আৰু ইয়াৰ স্বীকাৰকাৰীসকলক হিদায়ত দিয়া হৈছে, তেনেদৰে আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাক পথভ্ৰষ্ট কৰে। আৰু যাক হিদায়ত দিব বিচাৰে তাক হিদায়ত দিয়ে। আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনীৰ সংখ্যা তেওঁৰ বাহিৰে আন কোনেও নাজানে। আৰু জাহান্নাম হৈছে মানুহৰ বাবে শিক্ষা-সামগ্ৰী বিষয়, যাৰ পৰা সিহঁতে আল্লাহৰ মহানতাৰ অনুমান কৰিব পাৰে।
info
التفاسير:

external-link copy
32 : 74

كَلَّا وَالْقَمَرِ ۟ۙ

কথা তেনেকুৱা নহয় যিদৰে কিছুমান মুশ্বৰিকে ভাবিছে যে সিহঁতে জাহান্নামৰ সংৰক্ষণৰ প্ৰতি নিযুক্ত ফিৰিস্তা সকলৰ বাবে যথেষ্ট হব। আল্লাহে চন্দ্ৰৰ শপত কৰি এই কথা কৈছে। info
التفاسير:

external-link copy
33 : 74

وَالَّیْلِ اِذْ اَدْبَرَ ۟ۙ

আৰু ৰাতিৰ শপত কৰিছে যেতিয়া ই গমন কৰে। info
التفاسير:

external-link copy
34 : 74

وَالصُّبْحِ اِذَاۤ اَسْفَرَ ۟ۙ

প্ৰভাতৰ শপত কৰিছে যেতিয়া ই ভালদৰে আলোকোজ্জ্বল হয়। info
التفاسير:

external-link copy
35 : 74

اِنَّهَا لَاِحْدَی الْكُبَرِ ۟ۙ

বহুত ডাঙৰ পৰীক্ষাসমূহৰ ভিতৰত জাহান্নামৰ অগ্নিৰ শাস্তি অন্যতম। info
التفاسير:

external-link copy
36 : 74

نَذِیْرًا لِّلْبَشَرِ ۟ۙ

মানুহক ভয়- ভীতি দেখুৱাবলৈ। info
التفاسير:

external-link copy
37 : 74

لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّتَقَدَّمَ اَوْ یَتَاَخَّرَ ۟ؕ

হে মানৱ, তোমালোকৰ মাজত সেই ব্যক্তিৰ বাবে যিয়ে ঈমান আৰু সত্কৰ্মৰ জৰিয়তে আগবাঢ়িব বিচাৰে বা কুফুৰী তথা অবাধ্য পাপৰ জৰিয়তে পিছুৱাব বিচাৰে। info
التفاسير:

external-link copy
38 : 74

كُلُّ نَفْسٍ بِمَا كَسَبَتْ رَهِیْنَةٌ ۟ۙ

প্ৰত্যেক প্ৰাণীৰ গ্ৰেফতাৰী তাৰ কৰ্ম অনুসাৰে হব। হয়তো তেওঁৰ কৰ্ম তাক ধ্বংস কৰি পেলাব অথবা তাক ধ্বংসৰ পৰা ৰক্ষা। info
التفاسير:

external-link copy
39 : 74

اِلَّاۤ اَصْحٰبَ الْیَمِیْنِ ۟ؕۛ

মুমিনসকলৰ বাহিৰে, কিয়নো পাপৰ বাবে সিহঁতক গ্ৰেফতাৰী কৰা নহ'ব। সিহঁতৰ সত্কৰ্মৰ বাবে সিহঁতক ৰেহাই দিয়া হ'ব। info
التفاسير:

external-link copy
40 : 74

فِیْ جَنّٰتٍ ۛ۫— یَتَسَآءَلُوْنَ ۟ۙ

আৰু জান্নাতত তেওঁলোকে এজনে আনজনক সুধিব। info
التفاسير:

external-link copy
41 : 74

عَنِ الْمُجْرِمِیْنَ ۟ۙ

সেই কাফিৰ বিলাকৰ বিষয়ে যিহঁতে নিজৰ পাপসমূহৰ কাৰণে নিজকে ধ্বংসত পেলাব। info
التفاسير:

external-link copy
42 : 74

مَا سَلَكَكُمْ فِیْ سَقَرَ ۟

তেওঁলোকো সিহঁতক সুধিবঃ কিহে তোমালোকক জাহান্নামত প্ৰৱেশ কৰিছে? info
التفاسير:

external-link copy
43 : 74

قَالُوْا لَمْ نَكُ مِنَ الْمُصَلِّیْنَ ۟ۙ

এতেকে কাফিৰ বিলাকে তেওঁলোকক উত্তৰ দি কবঃ আমি তেওঁলোকৰ অন্তৰ্ভুক্ত নাছিলো যিসকলে পাৰ্থিৱ জীৱনত ফৰজ ছালাত সমূহ আদায় কৰি আছিল। info
التفاسير:

external-link copy
44 : 74

وَلَمْ نَكُ نُطْعِمُ الْمِسْكِیْنَ ۟ۙ

আৰু আমি দুখীয়াক আল্লাহে দিয়া আমাৰ ধন-সম্পদৰ পৰা আহাৰ কৰোৱা নাছিলো। info
التفاسير:

external-link copy
45 : 74

وَكُنَّا نَخُوْضُ مَعَ الْخَآىِٕضِیْنَ ۟ۙ

আৰু আমি সকলো ক্ষেত্ৰতে বাতিল পন্থীৰ লগত যোগ দিছিলো আৰু পথভ্ৰষ্ট তথা পথচ্যুত হোৱা লোকৰ সৈতে বেহুদা আলোচনাত মগ্ন আছিলো। info
التفاسير:

external-link copy
46 : 74

وَكُنَّا نُكَذِّبُ بِیَوْمِ الدِّیْنِ ۟ۙ

আৰু আমি পৰিণামৰ দিনক অস্বীকাৰ কৰিছিলো। info
التفاسير:

external-link copy
47 : 74

حَتّٰۤی اَتٰىنَا الْیَقِیْنُ ۟ؕ

মৃত্যুলৈকে অস্বীকাৰৰ এই ধাৰাবাহিকতা চলি আছিল আৰু আমি চিৰকালৰ বাবে তাওবাৰ পৰা বঞ্চিত হৈছিলো। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• خطورة الكبر حيث صرف الوليد بن المغيرة عن الإيمان بعدما تبين له الحق.
অহংকাৰৰ ক্ষতি, কিয়নো অহংকাৰেই অলীদ বিন মুগীৰাৰ আগত সত্য স্পষ্ট হোৱাৰ পিছতো তাক ইমানৰ পৰা বাধা দিছিল। info

• مسؤولية الإنسان عن أعماله في الدنيا والآخرة.
মানুহক পৃথিৱী আৰু পৰকাল উভয় ঠাইতে তাৰ কৰ্মসমূহৰ বিষয়ে সোধা হ'ব। info

• عدم إطعام المحتاج سبب من أسباب دخول النار.
দুখীয়াক খাদ্য দান নকৰাটোও জাহান্নামত প্ৰৱেশ কৰাৰ এটা অন্যতম কাৰণ। info

external-link copy
48 : 74

فَمَا تَنْفَعُهُمْ شَفَاعَةُ الشّٰفِعِیْنَ ۟ؕ

এতেকে ক্বিয়ামতৰ দিনা ছুপাৰিছকাৰীসকল অৰ্থাৎ ফিৰিস্তা, নবী আৰু সদাচাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব। কিয়নো আল্লাহৰ ওচৰত ছুপাৰিছ গ্ৰহণ হ'বলৈ হ'লে, আল্লাহে সেই বান্দাৰ প্ৰতি সন্তুষ্ট হ'ব লাগিব, যাৰ বাবে ছুপাৰিছ কৰা হৈছে।
info
التفاسير:

external-link copy
49 : 74

فَمَا لَهُمْ عَنِ التَّذْكِرَةِ مُعْرِضِیْنَ ۟ۙ

এই কাফিৰ বিলাকক কিহে কোৰআনৰ পৰা বিমুখ কৰিছে? info
التفاسير:

external-link copy
50 : 74

كَاَنَّهُمْ حُمُرٌ مُّسْتَنْفِرَةٌ ۟ۙ

সিহঁতৰ কোৰআনৰ পৰা বিমুখতা আৰু পলায়ন এনেকুৱা লাগে যেনিবা ভীতিগ্ৰস্ত হৈ পলায়ন কৰা বনৰীয়া গাধ। info
التفاسير:

external-link copy
51 : 74

فَرَّتْ مِنْ قَسْوَرَةٍ ۟ؕ

যিবোৰ সিংহৰ ভয়ত পলায়। info
التفاسير:

external-link copy
52 : 74

بَلْ یُرِیْدُ كُلُّ امْرِئٍ مِّنْهُمْ اَنْ یُّؤْتٰی صُحُفًا مُّنَشَّرَةً ۟ۙ

বৰং এই মুশ্বৰিক বিলাকৰ মাজত প্ৰত্যেক ব্যক্তিয়ে বিচাৰে যে, তাৰ মূৰৰ ওচৰত এখন খোলা কিতাপ হওক যিয়ে সিহঁতক কব যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল। আৰু এইটো প্ৰমাণ কম বা দলিল দুৰ্বল হোৱাৰ কাৰণ নহয় বৰং ইয়াৰ কাৰণ হৈছে বিদ্বেষ আৰু অহংকাৰ। info
التفاسير:

external-link copy
53 : 74

كَلَّا ؕ— بَلْ لَّا یَخَافُوْنَ الْاٰخِرَةَ ۟ؕ

ঘটনাটো তেনে নহয়। বৰং সিহঁতে পথভ্ৰষ্টৰ ফালে বিচলিত হোৱাৰ কাৰণ এইটো যে সিহঁতে পৰকালৰ শাস্তিৰ প্ৰতি ঈমান নাৰাখে। এই কাৰণে নিজৰ কুফুৰীৰ প্ৰতি অটুট আছিল। info
التفاسير:

external-link copy
54 : 74

كَلَّاۤ اِنَّهٗ تَذْكِرَةٌ ۟ۚ

শুনা এই কোৰআন এক শিক্ষা আৰু স্মৃতি। info
التفاسير:

external-link copy
55 : 74

فَمَنْ شَآءَ ذَكَرَهٗ ۟ؕ

এতেকে যিয়ে কোৰআন পঢ়িব বিচাৰে আৰু তাৰ পৰা উপদেশ গ্ৰহণ কৰিব বিচাৰে, তেওঁ সেয়া পঢ়া উচিত আৰু উপদেশ গ্ৰহণ কৰা উচিত। info
التفاسير:

external-link copy
56 : 74

وَمَا یَذْكُرُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؕ— هُوَ اَهْلُ التَّقْوٰی وَاَهْلُ الْمَغْفِرَةِ ۟۠

আল্লাহে যেতিয়া ইচ্ছা কৰিব তেতিয়াহে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰিব। একমাত্ৰ পৱিত্ৰ আল্লাহ ইয়াৰ যোগ্য যে, তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। আৰু যেতিয়া তেওঁৰ বান্দাই ক্ষমা বিচাৰে তেতিয়া বান্দাক ক্ষমা কৰি দিয়াৰো একমাত্ৰ অধিকাৰ তেওঁৰেই। info
التفاسير:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• مشيئة العبد مُقَيَّدة بمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ। info

• حرص رسول الله صلى الله عليه وسلم على حفظ ما يوحى إليه من القرآن، وتكفّل الله له بجمعه في صدره وحفظه كاملًا فلا ينسى منه شيئًا.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰত্যেক ভাগ মুখস্ত কৰাৰ প্ৰতি তত্পৰ আছিল। যিহেতু স্বয়ং আল্লাহে দায়িত্ব লৈছিল যে, সেয়া তেখেতৰ অন্তৰত সুৰক্ষিত কৰি দিব আৰু এনেদৰে মুখস্ত কৰাই দিব যে, তেখেত তাৰ এটা আখৰো পাহৰি নাযাব। info